পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৩৪। গোপাল গৰুড়কেতু প্ৰণামো চৰণে।
 নিয়োক নিস্তাৰি হৰি পশিলো শৰণে॥

(কীৰ্ত্তন ঘোষা, ১৭৬)

৩৫। ওঁ হৰি প্ৰভু জগন্নাথ, নিস্তাৰ কৰা দাৰুণ সাগৰে।
 কৃষ্ণৰ চৰণ ছাড়ি আনগতি, নেদেখো হামাৰে॥

কীৰ্ত্তন ঘোষা, ১৮১)

৩৬। নমো নমো কৃষ্ণ মোৰ পূৰা মনস্কাম।
 কৰ্ণে মুখে বিচ্ছেদ নহৌক তযু নাম॥
 ৰাতুল চৰণ দুই হৃদয়ে ৰহোক।
 জনমে জনমে সাধুসঙ্গ মোৰ হৌক॥
 এহি কৃপা মোক কৃষ্ণ বাপ কৰিয়েক।
 ৰাম ৰাম বোলা সবে দুৰ্গতি গুচোক॥

(দ্বিতীয়, ৫৯৩-৫৯৪)

দাস্য

১। ইটো নৰতনু ভাৰত বৰিষ
 কলিযুগে হৰি নাম।
 চাৰিৰ সংযোগে  আৰ কৈত পাইবো
 কৃপা কৰা প্ৰভু ৰাম॥
 ইহেন কলিত   বিষয় তৃষ্ণাত
 মজি আছো ৰাতি দিন।