পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

১৮। ওঁ হৰি দেহু দৰিশন শিৱ সনাতন
 তোমাৰ চৰণে ধৰো।
 তুৱা গুণ নাম ছাৰি আন কাম
 কৰিয়া মিছাতে মৰো॥

(কীৰ্ত্তন ঘোষা, ৫৪)

১৯। মনৰ লগত ভৈলো বুদ্ধিহত
 মায়াৰ নাপাইলো পাৰ।
 মই দুৰাশয় জানি কৃপাময়
 আপুনি কৰা উদ্ধাৰ॥
 ভকতি সাঞ্চিবো  যিমতে বঞ্চিবো
 সংসাৰ তাপ দুৰ্ঘোৰ।
 দিয়ো উপদেশ হে হৃষীকেশ
 হৃদয়ত থাকি মোৰ॥

(দ্বাদশ, ১৫২-১৫৩)

২০। পৰমানন্দ কৰা কৃপা ভৃত্যক সম্প্ৰতি।
 তুমি বিনা নাহি আন গতি॥

(কীৰ্ত্তন ঘোষা, ২৩)

২১। ওঁ হৰি ৰাম নাৰায়ণ যাদৱানন্দন
 দুৰ কৰা মোৰ মায়া।
 বিষয় ব্যাধিৰ ঔষধ মাগো
 ভকতি অমিয়া॥

(কীৰ্ত্তন ঘোষা, ৩৬)