পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


৪ । তুমি ব্ৰহ্ম ব্যাপক সাক্ষাত॥
 তুমি সুক্ষ্ম নিৰ্ম্মল নিৰ্গুণ।
 সৃষ্টি স্থিতি লয়ত নিপুণ॥
 মোক্ষ পদ জগত ঈশ্বৰ॥
 কৰো পড়ি প্ৰণাম কিঙ্কৰ॥
 দুনাই দুনাই কৰো নমস্কাৰ।
 কৰা প্ৰভূ আমাক উদ্ধাৰ॥
 তুমি দিয়া ভুকুতি মুকুতি।
 কৰো সেৱা সেহিসে যুগুতি॥

(কীৰ্ত্তন, ২২৪0-২২৪১)

৫ ৷ কেশৱ কৃষ্ণ কৰুণা সিন্ধু।
 ত্ৰাহি জগন্নাথ অনাথ বন্ধু॥

(কীৰ্ত্তন ঘোষা, ৫৯)

৬ ৷ প্ৰাণ বান্ধৱ মাধৱ ৰাম।
 দেহু দেখা হৰি কৰো প্ৰণাম॥

(কীৰ্ত্তন ঘোষা, ৯৩)

৭ । হে প্ৰাণনাথ নাৰায়ণ ইষ্টদেৱ।
 তোমাৰ চৰণ মনে কৰোঁ কোটি সেৱ॥
 মই মহামূঢ় মন্দমতি দুৰাচাৰ।
 দীন দয়াশীল কৰা আপদে উদ্ধাৰ॥
 তুমিসি সুহৃদ প্ৰিয় আত্মা নিষ্ঠে নিষ্ঠ।
 উপদেশদাতা তুমি গুৰুদেৱ ইষ্ট॥

(কুৰুক্ষেত্ৰ, ১৭৯১৩-১৭৯১৪)