পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

১০। যাকেৰি নাম উচ্চাৰি।
পায়ি পদাৰষ চাৰি॥
জীৱ-নিয়ন্তা তুহু অজ।
বন্দো তুৱা পদ-পঙ্কজ॥

(পাৰিজাত হৰণ নাট)

১১। নমো ‘দামোদৰ  ভকত জনৰ
 পালক কৃপা সাগৰ।
যাহাৰ পদক  স্বপ্নতো নেদেখে
 ভকতি ৰহিত নৰ॥
শ্ৰৱণ-কীৰ্ত্তন  অৰ্চ্চন বন্দন
 আদি ভকতিয়ে যাৰ।
সমস্তে লোকৰ   সঙ্গে পাপ হৰে
 তান পাৱে নমস্কাৰ॥
যাহাৰ চৰণে  সেৱে অনুক্ষণে
 যত বিচক্ষণ জন।
পাৱে ব্ৰহ্ম গতি  তৰিয়া দুৰ্গতি
  তাহাঙ্ক কৰো বন্দন॥

(দ্বিতীয়, ৫১)

১২। নমো মধু-মুৰ-মথন ৰাম!
 সংসাৰ তাপ কৰা উপশাম॥

(কীৰ্ত্তন ঘোষা, ৩০)

১৩। পৰম পুৰুষ বিশ্ব-ব্যাপী ব্ৰহ্ম।
 নমো নমো নাৰায়ণ ঋষি নৰোত্তম॥

১২