পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

  জ্ঞান বৈৰাগ্যৰ যেন ফল।
যিটো গুণ নাম গাৱৈ  বসি সিটো সুখে পাৱৈ
  দেখা কেনে ভকতিৰ বল।

(একাদশ,২০২১৩)

৪২। কৰিয়া কলিত কীৰ্ত্তন আতি।
 পাৰে বৈকুণ্ঠক চৌত্ৰিশ জাতি॥

(কীৰ্ত্তন, ৭৩)

৪৩। শ্ৰৱণে কীৰ্ত্তনে আৰ তৰিবা সংসাৰ।
 ডাকি ৰাম কৃষ্ণ হৰি বোলা বাৰম্বাৰ॥

(ৰুক্মিণী হৰুণ, ৫০৬)

স্মৰণ

১। সিজে সবে ধৰ্ম্ম নাম স্মৰিলে মুখত।

(ৰত্নাকৰ ভাঃ, ৩৪৯)

১। সমস্তে ধৰ্ম্মক বিদূৰতে পৰিহৰি।
 স্মৰিয়ো আমাৰ নাম মহা যত্ন কৰি॥

(ভক্তিপ্ৰদীপ, ১৫১)

৩। যাগ আদি কৰি যত বিধি নিৰন্তৰ।
 জানিবা কিঙ্কৰ সৱে বিষ্ণু স্মৰণৰ॥
 এতেকেসে যাগ আদি বিধি আছে যত।
 সি সবে বিষ্ণু-নাম স্মৰণ মাত্ৰত॥