পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

আজি কালি কৰি দিন  গৈল অয়ু ভৈল ক্ষীণ
 যাইবে লাগে যমৰ কৰণে॥
যতেক সংসাৰ নয়   সবে স্বপ্ন মায়াময়
 অন্তকে কেশত আছে ধৰি।
ভাৰতত জন্ম পাই  বিলম্বক নুযুৱাই
 সদাই ঘোষিয়ো হৰি হৰি॥

(কীৰ্ত্তন, ৬২৭)

২৫। হৰি ৰাম হৰি ৰাম   ঘেষিয়ো ভাই
 সংসাৰ সাগৰে তৰ।
 ৰাম পাৱ নাৱ  কাষতে আছয়
 মিছায়ে বুৰিয়া মৰ॥

(কীৰ্ত্তন ঘোষা, ৫৬)

২৬। শুনা বুধলোক  ক্ষমিয়োক মোক
 পদত দূষণ দেখি।
 যাৰ জ্ঞান নাই   যিমান চেঞ্চাই
 মুৰ্খৰ দোষ নেলেখি॥
 মোৰ পদ বুলি  নেড়িবা সমূলি
 বিচাৰি দেখিবা পাছে৷
 মোক্ষৰ নিদান  অমৃত সমান
 কৃষ্ণ-কথা আতে আছে॥