পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৷৹

তুমুল আন্দোলনৰ সৃষ্টি কৰে আৰু তেওঁৰ এক শৰণ ধৰ্ম্ম নামনি অসমৰ চুকে কোনে প্ৰচাৰিত আৰু বিস্তৃত হয়। ব্ৰাহ্মণ সমাজৰ কেইজনমানে তেওঁলোকৰ প্ৰভুত্ব খৰ্ব্ব আৰু মানৰ লাঘৱ হোৱা যেন দেখি কোছবিহাৰত ৰজা নৰনাৰায়ণৰ আগত অভিযোগ জনালে যে শ্ৰীশঙ্কৰ- দেৱে তেওঁৰ ৰাজ্যৰ ভিতৰত এটা গণ-তান্ত্ৰিক ধৰ্ম্ম প্ৰচাৰ কৰিব লাগিছে আৰু তেওঁ শাস্ত্ৰ আৰু জাতি ভেদ নামানে। শুনি ৰজা খঙতে জ্বলি উঠিল আৰু শ্ৰীমন্ত শঙ্কৰদেৱক ধৰি নিবলৈ গৰমালি পঠালে। গৰমালি পাটবাউসিলৈ আহি গুৰুজনক বিচাৰি নাপাই তেওঁৰ পৰিবৰ্ত্তে তেওঁৰ দুজন প্ৰধান শিষ্যক (ঠাকুৰ আতা আৰু গোকুল চান্দক) ধৰি নি ৰজাৰ আগত ভেটালে। ৰাজ-আদেশ মতে ভকত দুজনক নানা নিৰ্য্যা- তন আৰু শাস্তি দিয়াৰ পিচত ভূটীয়াৰ ঠাইত বিক্ৰী কৰি দিয়া হল। কিন্তু তিনি দিন পিচত এই ক্ৰীত- দাস দুজনক “দেৱ-মানুষ” বলি ভুটীয়াই ঘূৰাই দিলে। তেতিয়া তেওঁলোক মুক্ত হল। ইয়াৰ কিছুদিন পিচত ব্ৰাহ্মণৰ কেজনমানে ৰজাৰ আগত আকৌ গোচৰ দিলে। এইবাৰো ৰজাই শ্ৰীশঙ্কৰদেৱক ধৰি নিবলৈ মানুহ পঠালে। কিন্তু কমলাপ্ৰিয়াৰ অনুৰোধ মতে ছোট দেৱানে (চিলাৰায়ে) আগেয়ে মনুহ পঠাই মহাপুৰুষক