পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

১৩। সকামী সকলে  পাৱে কৰ্ম্মফল
 হৰিৰ নাম-কীৰ্ত্তনে।
 নামৰ কীৰ্ত্তনে  মোক্ষ পদ পাৱে
 যতেক মুমুক্ষুগণে॥
 মুক্ত সকলৰ  এহিমানে ফল
 হৰিৰ নাম-কীৰ্ত্তন।
 প্ৰমাণত পূৰ্ণ  প্ৰমাণ নাহিকে
 কহিলোহো নিষ্টে যেন॥

(ৰত্নাকৰ ভাঃ, ২৭৭—২৭৮)

১৪। সেহি নামচয়  মৃত্যুকালে যিটো
 হেলায়ে কীৰ্ত্তন কৰে।
 এতেকে অনেক  জন্মৰ পাতেক
 সদ্যে ত্যজে সিটো নৰে॥
 পূৰ্ণ পৰব্ৰহ্ম  স্বৰূপ পাৱয়।
 আনন্দৰ নাহি পাৰ॥

(ৰত্নাকৰ ভাঃ, ২৭৯—২৮০)

১৫। তোমাৰ পাৱত লৈলে যিজনে শৰণ।
 তযু গুণ-নাম কৰে শ্ৰৱণ-কীৰ্ত্তন॥
 মোক্ষ প্ৰসাদক প্ৰভু! তোমাত নমাগে।
 ছাৰ স্বৰ্গ-সুখ কোন তাসবাৰ আগে॥

(কীৰ্ত্তন, ২৬১)