পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

১০। পৰম দুৰ্ঘোৰ  ইটো সংসাৰক
 পায়া আছে যিটো নৰ॥
 অশ্ৰদ্ধায়ে যদি  হৰিৰ নামক
 কৰয় মুখে কীৰ্ত্তন।
 এতেকতে সদ্যে  সংসাৰত হন্তে
 মুক্ত হোৱে সিটো জন॥

(ৰত্নকাৰ ভাঃ, ২৭৫)

১১। যত দেখা চৰাচৰ   হৰিময় নিৰন্তৰ
 হৰিত পৃথক কেহো নোহে।
 যিজন ভকতিহীন   সি দেখে হৰিক ভিন
 হৰিৰ মায়াই তাক মোহে॥
 হৰিসে পৰম দেৱ  হৰিকেসে কৰো সেৱ
 স্ৰজন্তা পালন্তা সবে হৰি।
 হৰি পাৱ শিৰে ধৰি  শ্ৰৱণ-কীৰ্ত্তন কৰি
 তেবেসে হৰিৰ মায়া তৰি।

(অষ্টম, ১১২০)

১২ । ধৰ্ম্ম অৰ্থ কাম মোক্ষ কীৰ্তনতে পায়।
 কলি সম শ্ৰেষ্ঠ ধৰ্ম্ম নাই নাই নাই॥

(প্ৰথম, ২৩৮)