পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰৱণ-কীৰ্ত্তন

১। কৃষ্ণৰ কিঙ্কৰে গীত ভণিল শঙ্কৰে।
 নাহি আন ধৰ্ম্ম আৰ কীৰ্ত্তনত পৰে॥

(কীৰ্ত্তন, ৭২৪)

২ । যদ্যপি ভকতি নৱ বিধ মাধৱৰ।
 শ্ৰৱণ-কীৰ্ত্তন তাতে মহা শ্ৰেষ্ঠতৰ॥
 অৰ্চ্চন বন্দন ধ্যান সমস্ততে কৰি।
 যশ-কীৰ্ত্তনত আতি তুষ্ট হোন্ত হৰি॥

(প্ৰথম, ৩৮)

৩। পূজা আদি যত  ভক্তিৰ মধ্যত
 শ্ৰৱণ-কীৰ্ত্তন সাৰ।
 কথা-শ্ৰৱণৰ  নাম-কীৰ্ত্তনৰ
 সমান নাহিকে আৰ॥

(দ্বিতীয়, ৫১–৫২)

৪ । শ্ৰৱণ-কীৰ্ত্তন মোৰ ৰহস্য ভকতি।
 আকাশে কৰিবা মাত্ৰ বিবক্ষ্যা সম্প্ৰতি॥

(দ্বিতীয়, ২৩০)

৫ ৷ জ্ঞানতো কৰ্ম্মতো কৰি সম্প্ৰতি।
 হৰি কীৰ্ত্তনসে পৰম গতি॥

(কীৰ্ত্তন, ১০২)