এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী
প্ৰেমে পুলক ভেলি কাই॥
ভকতি কৰম-বন্ধ কয়ো ক্ষীণা
কহ শঙ্কৰ পৰমাণা॥
(গীত, কেলি-গোপাল নাট)
⸺⸺
নিৰ্গুণ ভক্তি
১। সগুণ ভকতি বেদ একাশী প্ৰকাৰ৷
নিগুণ ভকতি একেবিধ মাধৱৰ॥
জানে মাত্ৰ মোৰ গুণ-শ্ৰৱণ মাত্ৰত।
মোতেসে মনৰ গতি ভৈলেক সতত॥
বেদ দূৰ ভৈলে কৰে নিষ্কাম ভকতি।
নিৰ্গুণ ভকতি এহি কহিলো সম্প্ৰতি॥
(ৰত্নাকৰ ভাঃ, ৫০২ - ৫০৩)
২। যজ্ঞ দান ব্ৰত সবে গুণময়
ভকতি মোৰ নিৰ্গুণ।
জানিয়া আমাক স্মৰিয়ো সদায়ে
সুহৃদ সখি অৰ্জ্জুন॥
(ভক্তি প্ৰঃ, ৩০১)