পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৩৫। ৰাখা কি দয়াময় যদুৰায়।
 তোমাৰ ভকতি বিনা বৃথা আয়ু যায়॥

(কীৰ্ত্তন ঘোষা, ১২৭)

৩৬। গোপীনাথ! তুৱা পাৱে নভৈল ভকতি।
 ইজন্মত মাধৱ গৈলোহো অধোগতি॥

(কীৰ্ত্তন ঘোষা, ১৪৭)

৩৭। শুনা নৰলোক  মুকুতি মিলোক
 কৃষ্ণত ভকতি কৰা।
 যমপুৰে পুনু  আপুনি নিস্তাৰা
 পুৰুষ সৱে উদ্ধাৰা॥

(একাদশ, ৬৫)

৩৮। বিষয়ৰ দোষে  ৰাখিবে নপাৰে
 ভকতি পাতেক হৰে।
 আচোক উত্তম  ভকতৰ কথা
 সামান্য ভকতো তৰে॥

(একাদশ, ১২৩)

৩৯। জ্ঞান কৰ্ম্ম ভকতি কহিলো কৰি ভেদ।
 ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ॥
 নাহিকে উত্তম গতি ভকতিত পৰে।
 নিষ্টে কহোঁ ভকতিতে মোক বশ্য কৰে॥

(একাদশ, ১৪১)