পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

নজানি লোকে আন দেৱ পূঙ্গে।
সিয়ো বিধিহীনে তোমাকে যজে॥
যেহেন নদনদী সমুদায়।
অনেক পথে সাগৰক যায়॥
মায়ায়ে মোহিত সবাৰো মন।
তোমাৰ নিচিন্তে কেৱে চৰণ॥
যাৰ নষ্ট হুইব সংসাৰ বন্ধ।
তোমাক ভক্তিক তাৰ প্ৰৱন্ধ॥

(কীৰ্ত্তন, ১০৯৫—৯৭)

২৮। শ্ৰৱণ কীৰ্ত্তন  স্মৰণ বিষ্ণুৰ
 অৰ্চ্চন পদ সেৱন॥
 দাস্য় সখিত্ব  বন্দন বিষ্ণুত
 কৰিব দেহ অৰ্পণ॥
 নৱ বিধ ভক্তি  বিষ্ণুত আচৰে
 সেহিসে পাঠ উত্তম।

(কীৰ্ত্তন, ৩৪১)

২৯। ও হৰি ৰাম  নাৰায়ণ যাদৱানন্দ
 দূৰ কৰা মোৰ মায়া।
 বিষয় ব্যধিত্ব  ঔষধ মাগো
 ভকতি অমিয়া॥

(কীৰ্ত্তন, ৩৬)