পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

১৮। মোক্ষতো অধিক ইটো  ভকতিৰ সুখ অতি
 পৰম আনন্দ নিৰূপম॥
 ভকতিয়ে পুৰুষৰ  লিঙ্গ দেহ ভগ্ন কৰে
 বিনা যত্নে মুকুতিক পাৱে॥
 যেন উদৰৰ বহ্নি  ভুঞ্জে প্ৰাণী অন্ন যত
 জীৰ্ণ কৰে সবাক স্বতয়ে॥

(ৰত্নাকৰ ভাঃ, ৪৭৬)

১৯। মুকুতিত কৰি যেন  ভকতি গৰিষ্ঠ অতি
 কহোঁ শুনা সাৱধান মনে।
 সাযুজ্য মোক্ষকে মোৰ  নবাঞ্চয় কদাচিত
 আমাৰ একান্ত ভক্তগণে॥

(ৰত্নাকৰ ভাঃ ৪৭৭)

২০। ভকতি আনন্দপূৰ্ণ  হুয়া একো নবাঞ্চয়
 আমাৰ ভকত নিৰন্তৰ॥
 বৈকুণ্ঠৰ সালোক্যাদি  পদচয় যদি দেহু
 ভক্তি বিনে তাকো নলৱয়।
 নবাঞ্চিবে আন কাম  আমাৰ ভকত সবে
 কিবা অতি কহিবে লাগয়॥

(ৰত্নাকৰ ভাঃ, ৪৭৮—৪৭৯)

২১। হোৱে অতি চিত্ত  বিষয় আকাৰ
 বিষয়ক ধ্যান কৰি।