পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

কেৱল ভকতি এক মোক কৰে বশ্য।
কহিলো উদ্ধৱ ইটো পৰম ৰহস্য॥

(একাদশ, ২৬৪)

১৫। মোতে নিষ্ঠ হুয়া মোক ভক্তি মাত্ৰ কৰে।
 তেবে অনায়াসে মোক্ষ পাৱে সিটো নৰে॥

(ৰত্নাকৰ ভাঃ, ৫০৫)

১৬। তপ যোগ আদি  আছে পুৰুষৰ
 বহুতো পন্থ মোক্ষৰ।
 তাতো কৰি মহা  মোক্ষৰ অধিক
 ভক্তি-যোগ মাধৱৰ॥

(ৰত্নাকৰ ভাঃ, ৪১৫)

১৭। মোক্ষৰ ঈশ্বৰ ভগৱন্ত দেৱ হৰি।
 তাহানে ভকতি তুমি আছ সাৰ কৰি॥
 ভকতি সুখত যাৰ নিমজিল মন।
 ক্ষুদ্ৰ স্বৰ্গ-সুখে তাৰ কিবা প্ৰয়োজন॥
 যিটো ক্ৰীড়া কৰে অমৃতৰ সাগৰত।
 তাৰ কিবা কাজ আছে বৃষ্টিৰ জলত॥
 গৰ্ত্তৰ জলৰ সম স্বৰ্গ-সুখ-চয়।
 ইহাত তোমাৰ প্ৰয়োজন নাহিকয়॥

(ৰত্নাকৰ ভাঃ, ৪২৪-৪২৬)