পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


৯। নালাগে ভক্তিত দেৱ দ্বিজ ঋষি হুইবে।
নলাগে সম্ভুত শাস্ত্ৰ বিস্তৰ জানিবে॥
তপ জপ যজ্ঞ দান সবে বিড়ম্বন।
কেৱল ভক্তিত তুষ্ট হোন্ত নাৰায়ণ॥

(কীৰ্ত্তন, ৩৮১)

 ১০| কৃষ্ণৰ কিঙ্কৰে কহে শুনা নিৰন্তৰ।
কলিযুগে ভাগ্যে ভাৰতত ভৈলা নৰ॥
হৰি ভকতিত যেবে কৰা দৃঢ়মতি।
ইজন্মত নিশ্চয়ে পৰম পাইবা গতি॥
ভকতিত পৰে ধৰ্ম্ম নাহি সংসাৰত।
চাৰিয়ো বেদৰ জানা এহি সাৰ তত্ত্ব॥
ৰাম নাম অমৃত সততে কৰা পান।
বোলা হৰি হৰি কেতিক্ষণে পড়ে প্ৰাণ॥

(কীৰ্ত্তন, ১০০৭–৮)

১১। সমস্ত জীৱৰ আত্মা মহা মহেশ্বৰ।
তাহান্তো সংশয় কৰে কমন পামৰ॥
বিষ বুলি অমৃতক পীয়ে যিটো নৰ।
নুহিবেক হেন জানা অজৰ-অমৰ॥
যেন তেন মতে মাত্ৰ স্মৰোক সততে।
এতেকে মুকুতি পাৱে কহিলো বেকতে॥