পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰায়শ্চিত্ত


১। কৃচ্ছ চান্দ্ৰায়ণ আদি যত প্ৰায়শ্চিত্ত।
ভক্তি বিনে পাতকীক নকৰে পৱিত্ৰ॥

(ৰত্নাকৰ ভাঃ, ৯৭৮)

২। যেৱে প্ৰায়শ্চিত্তে পাতকীক শুদ্ধ কৰে।
তেৱে কিয় সিটো পুনু পাতক আচৰে॥
কদাচিত পাতকত নিৱৰ্ত্তন হয়।
কোনো বেলা পুনু সেই পাপ আচৰয়॥
এতেকেসে ব্যৰ্থ সবে প্ৰায়শ্চিত্ত যত।
হস্তী যেন স্নান কৰে নদীৰ জলত॥
দুনাই ধূলা লৈয়া দেহা মলিন কৰয়।
কদা প্ৰায়শ্চিত্তে পাতকক বিনাশয়॥
যদি প্ৰায়শ্চিত্তে পাতকক বিনাশয়।
সমূলঞ্চে পাতকৰ বীৰ্য নুগুচয়॥
সেহি বাসনাচয় থাকয় চিত্তত।
সেহি সংস্কাৰে প্ৰৱৰ্ত্তায়ে পাতকত॥

(ৰত্নাকৰ ভাঃ, ৯৮২-৯৮৪)

৩। জাতি অন্ত্য জাতি  পাতকীয়ো তাৰে
 হেনসে হৰি ভকতি।
কোটি প্ৰায়শ্চিত্ত কৰিয়া কৰ্ম্মীৰ

 তৰিবে নাহি শকতি॥

(ষষ্ঠ, ৭৭)