পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

১৪। স্বৰ্গতো নাহিকে সুখ দুঃখেহে কেৱল।
 স্বৰ্গৰ নিমিত্তে কৰ্ম্ম সকলে বিফল॥

(ৰত্নাকৰ ভাঃ, ৯৫৭)

১৫। পাতকীৰো কৰ্ম্ম আছে শুনি মৰি ঘিণে।
 নাই গতি কলিযুগে হৰিনাম বিনে॥

(একাদশ, ১৯৩১৫)

১৬। শৰীৰক মই  বুলি জীৱ সৱে
 সকাম কৰ্ম্ম আচৰে।
 কৰ্ম্মগতি নানা দেহত ভ্ৰময়
 আত্মাক নজানি মৰে॥

(দশম, ১১৯৪)

১৭। তিনিগুণময় জ্ঞান কৰ্ম্ম আদি যত।
 সেহি কৰ্ম্মে বন্ধ হৈয়া জীৱে সংসাৰত॥
 ফুৰি থাকে নানা বিধ শৰীৰক ধৰি।
 এৰাৱয় গুণক মোৰ ভকতি আচৰি॥

(ৰত্নাকৰ ভাঃ, ৫০৪–৫০৫)

১৮। কৰ্ম্ম কৰি সাধয় বিত্তাদি যত যত।
 নুহিকে সুখৰ হেতু জানা স্বৰূপত॥
 ধনে পুৰুষক দুঃখ দেই নিৰন্তৰ।
 আপোনাৰ মৃত্যুধন জানা সাৰত্তৰ॥