এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
ময়না


আছিল[১]। মই অকলে বহি কত কি ভাবিছোঁ; ক’ত মোৰ উজনিৰ আই-বোপাইৰ ঘৰ, তাত সৰু সৰু ভাই ভনীহঁত–মৰমৰ আই বোপাই–পকি-ঘৰ—গাড়ী-ঘোঁৰা—এই আটাই বিলাক সুখ-স্বাচ্ছন্দ্য; আৰু ইয়াত, কৰ এখন নামনিৰ গাওঁ —তাৰে এচুকত মানুহ-দুনুহৰপৰা নিলগত এটি জুৰুলা সৰু খেৰৰ পঁজা; ভিঠিত জেকনি, চাৰিও ফালে ঢেকিয়া আৰু কচু বন। এইবিলাক কথা ভাবিছিলোঁ।—আৰু ভাবিছিলোঁ মোৰ দেৱতাৰ কথা। উজনিৰ ঘৰতো কোনো নাই, যি মোৰ দেৱতাৰ সমান। মোৰ দেৱতাই মোক কি সুখ-শান্তি ৰসত ডুবাই ৰাখিছে!

 এনেতে বাইচিকেলৰ ঘণ্টা এটা কাণত পৰিল। ঘূপুহ কৰে ওলাই পদূলিলৈ আহিলোঁ। মোৰ দেৱতা আহি পালে, গোটেই গাটোত আনন্দ আৰু হৰ্ষৰ ঢৌ এটা বাগৰি গল। চাকৰটোএ চাইকেলখন ধৰিলে। তেওঁৰ হাতত এটা সজা—এতিয়াহে মন কৰিলোঁ। সজাটো হাতত দি মোৰ দেৱতাই কলে—“এইটো ময়না, ইয়াক পঢ়িবলৈ শিখাই ললেইয়ে তোমাৰ লগ হব–মই কেতিয়াবা নহলে।”

 হায়! সেইদিনা বুজিলোঁ সন্তানহীনাৰ প্ৰাণত কি দুখ! সেই দিনা জানিছিলোঁ নে তেওঁৰ এই কেই আষাৰ কথা কেনেকৈ ভবিষ্যতে ফলিল!

( 8 )

 মোৰ ময়নাটোই মাত ধৰিলে। ৰাতি হলে কয়—“আইদেউ! দেউতা নাহে”। বাইচিকেলৰ ঘণ্টা শুনিলে কয়—“আইদেউ! সৌ দেউতা আহিল।” আৰু নিজানত, যেতিয়া মোৰ দেৱতা চৰ্কাৰী কামত বাহিৰত থাকে, তেতিয়া মোৰ ময়নাৰ লগত কিমান আলাপ কৰো, কিমান কথা পাতো, তোমালোকে কি বুজিবা? হয়তো ভাবিবা, চৰাইৰ লগত কি কথা। অমাতাৰ লগত কিহৰ আলাপ। কিন্তু মোৰ ময়না জানো চৰাই আছিল। দেখাতেহে চৰাই—সি মোৰ আদৰৰ সোণ—মোৰ যে মৰি গল সেই কোলা শুৱনি সোণাতকৈও যে বেছি মৰমৰ! কিজানি - সিয়েই মোৰ দুখ সহিব নোৱাৰি ময়না জন্ম লই আকৌ ঘূৰি আহিছিল!

( ৫ )

 মোৰ দেৱতাৰ কথা ফলিল। মোৰ দেৱতাই মোৰ লগ এৰিলে। সেই নিঠুৰ যম দেৱতা——যাক মই আজিলৈকে বিচাৰি পোৱা নাই—সি মোৰ দেৱতাক মাৰি নিলে। মোৰ লগ হল তেওঁ থই যোৱা ময়না। ময়নাই কয়—“আইদেউ! দেউতা নাহে।” মই কান্দো, তাই কয়—“আইদেউ! নাকান্দিব, দেউতা আহিব”। হায় মূঢ় পখী! —তই জানা হলে কোন লোকলৈ মোৰ দেৱতা গইছে— সেই লোকৰ পৰা প্ৰত্যাগমন আছে নে নাই–সেই লোক কি? মই আৰু কান্দো, তাই আৰু কয়—“আইদেউ! নাকান্দিব দেউতাক পাব”।

 উজনিৰ ঘৰৰ পৰা মানুহ আহিল, মোক নিবলৈ। কিন্তু যি পবিত্ৰ পিঠত মোৰ দেৱতা নোহোৱা হইছে——তাক এৰি যাওঁ কেনেকৈ? কাৰো লগত মোৰ কথা কবৰ মন নাই— আনে মোৰ যন্ত্ৰণা, মোৰ দুখ, কি বুজিব! ময়নাৰ লগত মোৰ মেল—ময়নাৰ লগতে মোৰ খেল। উজনিলৈ নগলোঁ।


  1. পাণ্ডুলিপিত ‘নাছিল’ আছে। —সং, শ. গো.ৰ.