এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিবেদন

 “গল্পাঞ্জলি” লিখি ৰাইজৰ পৰা আশাতীত অনুগ্ৰহ পাই “ময়না” ছপাবৰ সাহ কৰিলোঁ।

 ইয়াত দিয়া কেইটামান গল্প আগেয়ে মাহিলি কাকতত প্ৰকাশ হৈছিল।কেইটামান বহুদিন পূৰ্বে লিখা, এতিয়া নকৈ লিখি দিয়া হল।

 স্কুলত পঢ়া দিনত আমি কেইজনমান ছাত্ৰই ‘অঙ্কুৰ’ নামেৰে হাতে-লিখা মাহিলি এখন উলিয়াইছিলোঁ। ‘যাত্ৰী’ নামক গল্পটো তাৰ পৰা তুলি দিয়া হল। ইয়াত মহাকবি টেনিচনৰ ‘ইনক আৰ্ডেন’ গল্পৰ অলপ আভাস আছে। ইয়াকো সম্প্ৰতি নতুনকৈ লিখা হল।

 ৰাইজৰ সন্তোষত হে লিখকৰ শ্ৰমৰ সফলতা। এই বিষয়ত বিচাৰৰ ভাৰ সাধুসকলৰ।

যোৰহাট নৰ্মাল স্কুল,
চেপ্তেম্বৰ ১৯২২
গ্ৰন্থকাৰ।