পৃষ্ঠা:ময়না.pdf/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গল্পাঞ্জলি

 গ্ৰন্থকাৰৰ প্ৰথম গল্পৰ পুথি। প্ৰথম সংস্কৰণ এ বছৰ পূৰ নৌহওঁতেই শেষ হল।

দ্বিতীয় সংস্কৰণ ছাপা হব।

মূল্য — দহ অনা মাত্ৰ।

সংবাদ-পত্ৰৰ মতামত:—

 “গল্পবোৰ আমাৰ নিশ্চয় তৃপ্তিপ্ৰদ হৈছে। * * তেওঁৰ লেখিবৰ গঢ় ভাল; প্ৰত্যেকটো গল্পত তেওঁৰ হিয়াৰ লেখনীৰ সুনিপুণ ৰেখা পৰি গল্পবোৰ জীপ পাই উঠিছে।”

—বাঁহী

 ‘গোটাচেৰেক গল্প পঢ়ি আমি সচাকৈয়ে মুগ্ধ হৈছোঁ। সেইবিলাকে চুটি গল্পলিখাত গোস্বামী ডাঙৰীয়াৰ যে হাত আছে তাৰ বেচ পৰিচয় দিয়ে। সেইবিলাকব ভাষা ভাল আৰু লিখাৰ ধৰণে৷

মনোমুগ্ধকৰ।’

—আলোচনী

 “গল্পবিলাক পঢ়িলে মন হৰ্ষিত হয়।”

—আসাম বিলাসিনী

 “প্ৰত্যেকটি গল্পতে ৰচয়িতাৰ কোমল আৰু হৃদয়গ্ৰাহি সৌন্দৰ্য্য সৃষ্টিৰ চিনাকি পোৱা যায়। ভাব চাই ভাষা লগোৱাত আকি বাক্য চাই অলঙ্কাৰ পিন্ধোৱাত লেখকে বিশেষ পাৰ্গতালি দেখুৱাব পাৰিছে। *** গল্পাঞ্জলি অসমীয়া সাহিত্যৰ ভড়ালত এটি মূল্যবান সৰু সম্পত্তি বাঢ়িল।”

—আসাম বন্তি