পৃষ্ঠা:ময়না.pdf/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
ময়না


 মুঠত প্ৰভাৰ লগত মোৰ বিয়া নহল। প্ৰভা-বিনয়ক লৈ খুৰাক দেশলৈ গুচি গল, যোৱাৰ সময়ত বিনয়ক লগ পালোঁ; কিন্তু প্ৰভাৰ মুখখনকো দেখা নাপালোঁ।

 মনত বৰ বৈৰাগ্য জন্মিল। প্ৰেমৰ প্ৰৱল ভাৱত একো কাম কৰিবলৈ এৰিলোঁ। বাবাক কলোঁ, ‘মই বাগিচা নকৰো, ডাক্তাৰি পঢ়িম।’ বাবাৰ পোনতে খং; কিন্তু মাই বুজিলে আৰু সম্ভৱ বাবাক বুজালে; কিছু দিনৰ পাছত মই ডাক্তাৰি পঢ়িবলৈ কলিকাতা কেম্পবেল স্কুললৈ গলোঁ।

( ৮ )

 “মই তেতিয়৷ ডাক্তাৰি পাছ কৰি উঠি কেম্পবেল স্কুলতে হাউছ-চাৰ্জন। সেই দিনা জুলাই কি আগষ্ট মাহ, আবেলি একজাক বৰ ডাঙৰ বৰষুণ হৈ গৈছে; মই কেম্পবেল হাস্পাতালৰ সম্মুখতে কেইডালমান নতুন ফুল চাই আছোঁ। দপ্-দপ্-কৰি এখন জুৰি গাড়ী সোমাই আহিল। তাৰ প্ৰধান আৰোহীজনক মই তৎক্ষণাৎ চিনিলো, সেই প্ৰভাৰ খুৰাক। তেওঁ কিন্তু মোক চিনি নাপালে। মোকেই প্ৰথমতে লগ পাই তেওঁ কলে, ‘বিষ-খোৱামানুহ’ সোনকাল কৰি দিহা কৰি দিয়ক।’

 মই লৰালৰি কৰি ৰোগীক ভিতৰলৈ নিয়ালোঁ; শুৱাই থোৱাত দেখিলো, বিনয়! কিমান সম্ভৱ-অসম্ভৱ ভাব মনৰ ভিতৰেদি ক্ষন্তেকে খেলি গল। কৰপৰা আহিল কি হল জানিবলগীয়৷ কথা লিখি লোৱা হলত মটৰকাৰ আৰোহী কেইজনক লৈ গুচি গল।

 “বিনয় অচেতন; ময়েই নিজে থাকি পতি কৰি আছোঁ। ৰাতি আঠোটামান বাজাত বিনয়ৰ অলপ সংজ্ঞা আহিল। মই কলোঁ, “ভালকৈ চোৱা, মই অমুক, শ্ৰীহট্টত যাৰ ঘৰৰ কাষতে আছিলা ” বিনয় চিনি পালে, মৃত্যুৰ ছাঁয়াই আবৰি ধৰা মুখত যেন সন্তোষৰ এটা বিৰিঙণি দেখা পালোঁ। বিনয় বৰ কষ্ট কৰি টানি নিয়া জিভাৰে কলে, “মোক বিষ খুৱালে। প্ৰভাক মোত বিয়া দিছিল। সম্পত্তিৰ লোভ। প্ৰভাক চাবা।” ইয়াৰ পাছত কিমান চেষ্টা কৰিলোঁ। বিনয়ৰ আৰু জ্ঞান নাহিল। দহমান বাজাত বিনয়ৰ আত্মাই তাৰ দেহ-পিঞ্জৰ এৰি থৈ গল।

 “বিনয়ে কোৱা কথাই মোৰ মনত ভয়ঙ্কৰ তোলপাৰ লগালে। কিন্তু ভাবি চালোঁ, সেই কথা কোৱাৰ পৰা একো লাভ নাই, কোনে পতিয়াব, বৰং আগৰ সকলো কথা শুনি মানুহে মোকেহে খিয়াল কৰি বদনাম দিয়া বুলি কব! সেই দেখি চৰকাৰী ৰিপোৰ্টত বিনয় নিজে বিষ খাই মৰাটোই সাব্যস্ত হল।

( ৯ )

 “প্ৰভাহঁত কলিকতাতে আছে, তাহাতৰ ঠিকনাটো বিনয়ক হাস্পাতালত ভৰ্তি কৰোঁতেই জানি থৈছোঁ। পাছ দিনা হাস্পাতালৰ আজৰি পৰতে এখন মটৰগাড়ী লৈ প্ৰভাহঁতৰ ঘৰলৈ গলোঁ। মটৰখান অলপ দূৰতে এৰি তাহাঁতৰ ঘৰৰ সমুখ পালোঁগৈ। ঘৰখন চাৰ্কুলাৰ ষ্ট্ৰীটৰ ওচৰতে, ডাঙৰ ঘৰ, সমুখত এখন চোতালো আছে।

 

ময়না-৭