পৃষ্ঠা:ময়না.pdf/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
ময়না


 যাৰ নৰিয়া তেওঁ এজনী বঙালী তিৰোতা, বা ছোৱালী; প্ৰথম সন্তান প্ৰসৱ কৰিয়েই সূতিকাৰ জ্বৰত পৰিছে। খুব টান বেমাৰ, চাওঁতা কোনো নাই। তেওঁৰ স্বামী কি অফিছত কাম কৰে; ইমান বিপত্তিটো বৰ-বাবুএ কোনো প্ৰকাৰৰ ছুটী নিদিয়ে; চাহাবক কবলৈকো তেওঁৰ সাহ নাই।

 ডাক্তাৰে কলে, “দেখিছা, এই অৱস্থা। কেইজন বঙালীক কলোঁ, বেটাহঁত খাৱৰ বেলিকা বৰ লগ! ৰাতি খপোঁতা কোনো নাই। তুমি ৰাতি থাকিব লাগে। সি ( নৰিয়াৰ স্বামীক সূচাই) একো নাজানে, অতি কেঁচা লৰা, আসামক বদলি হৈ আহাৰো আজি তিনি মাহমান মুঠে।”

 ম‍ই মান্তি হলোঁ। পাছত শুনিলোঁ, এই ডেকা কেৰাণীজন ভাল শ্ৰেণীৰ বামুণ; তাহঁতৰ বৰ-বাবুৰ জাত তিমান ভাল নহয়; ইবোৰ বঙালীএ হলে তেওঁৰ লগত আহাৰ-ব্যৱহাৰ কৰে; এই নতুন কেৰাণীৰ আপত্তি। এইটোই বাবুটোৰ ওপৰত আক্ৰোশ; আৰু সেই দেখি কোনো বঙালীএ তেওঁৰ নৰিয়া ঘৈণীক নাচায়।

 বেছি দিন ৰাতি খপিব নালাগিল। তৃতীয় দিনা ছোৱালীজনী দুখ-সুখ কাতি কৰি এৰি গুচি গল; যিটি শিশু হৈছিল, মাইকী, অলপ পাছতে তাইৰো অকণমানি জীউটোই কৰবালৈ ভুৰুত কৰি উৰা মাৰিলে। কেৰাণী বাবুৰ হুকহুকিত শিলৰো বুক গলি যায়; ডাক্তাৰৰ চকু পানীত বাট নেদেখা অৱস্থা হল। মোৰো বুক ফাটি কান্দন ওলাল।

 তেও ময়েই প্ৰথম তম্ভিলোঁ। বহু কাবৌ-কাকূতি কৰাত মোৰ দোকানৰ ওচৰতে থাকা বঙালী পুৰোহিতজন আহিল; আমি চাৰিও এই দুই নতুন মাক-জীয়েকৰ — দুই ৰকমে সংসাৰ- ভাওনাত প্ৰবেশ কৰা এই দুই প্ৰাণীৰ—সৎকাৰ কৰিলোঁ।

( ৪ )

 মই সুধিলোঁ “ডাক্তাৰবাবু আপুনি নো বিয়া নকৰাই নে? ইফালে দেখোন বুঢ়াই হল! এ, আপোনাৰ চুলিও পকিল, কোনে আপোনাক আৰু ছোৱালী দিব?” এই বুলি ডাক্তাৰৰ মুৰৰপৰা পকা চুলি এগছ আনি মেজতে থলোঁ।

 আমি তিনিজন আছিলো, ইজন বি-এ পাছ কৰা ডেকা, মাষ্টাৰি কামৰ উমেদাৰি কৰিছে। ডাক্তৰে কলে, “বিয়া কৰাই কি হব? নেদেখিছা সিদিনা বসন্তৰ বিলাই।” বসন্ত সেই বামুণ কেৰাণী জনৰ নাম। ডাক্তাৰ গম্ভীৰ হল; তেতিয়া আৰু তেনে কথা পাতিব ভাল নালাগিল। আচলতে ইয়াৰ পাছত আৰু আলাপ নজমিলেই; আমি ই আখৰ সি-আখৰ কথা পাতি, ফুটবল মেচ্ খেলিবলৈ আহি বিপক্ষ দল নাহাত যেনেকৈ খেলোৱাৰবিলাকে বলটোক উদ্দেশ্যহীন গোৰ- লাথি বহাই ঘৰাঘৰি যায়, দুয়ো ঘৰক আহিলোঁ। বাটত বি-এ বন্ধু জনে কলে, আধা ইংৰাজীত, “কি কোৱা ভাই, ডাক্তাৰক বঢ়িয়া মানুহটো যেন লাগে!”

( ৫ )

 কি জানি চাৰি-পাঁচ বছৰ হৈ গল। ডাক্তাৰৰ বুঢ়া চাকৰটো লৰি আহি মোক খবৰ দিলে, ডাক্তাৰৰ পুৱা এবাৰ ফিট হৈছিল, এতিয়া টান বেমাৰ, মই যাব লাগে। এই বুঢ়া ডাক্তাৰৰ অতি প্ৰিয়, সি একেলগে চাকৰ, অভিভাৱক, সকলো। সি লৰি আহা দেখি বুজিলোঁ, কথা কিছু টান; মই তেতিয়াই ডাক্তাৰৰ ঘৰলৈ গলোঁ।

 ডাক্তাৰে কলে, “বসন্তক এখান টেলিগ্ৰাম কৰা। সি নগাৱঁত আছে। বুঢ়া, পইচা দে।”