পৃষ্ঠা:ময়না.pdf/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ডাক্তাৰ

( ১ )

 জহনী ৰাক্ষসীয়ে আমাৰ দেশখন খালে! সেই বছৰ প্ৰথম আমাৰ গাৱঁত জহনী লাগিল। কি ভীষণ সেই সময়ৰ দৃশ্য! কোন কত মৰে ঠিক নাই, কোন কোন দিনা মৰিল তাৰ লেখ নাই। একে ঘৰতে ৪ জন, ৫ জন, ৮ জন, ১০ জন গোটাইখন ঘৰ, তেনেই মৰিল, কাক কোনে চায়! কেঁচুৱাই মৰা মাকৰ পিয়াহ কামুৰে, ওচৰতে পৰি বাপেকে উপায়হীন হৈ চাই থাকে! ঘৰৰ পৰা টানি আনি মৰা শ বাহিৰত থওঁতা নাই। গাওঁখনকে যেন কিবা এটা ভীষণ ছায়াই গিলিপ মাৰি ধৰিলে! বাটৰুৱাই গাৱেঁদি বাট এৰিলে; ইষ্ট-মিত্ৰ কোনো খবৰ কৰিবলৈ নাহা হল। আন্ধাৰ নৌ হওঁতেই কাৰো কতো সাৰি সুৰা ফাট-ফুট নাই; মুঠে বাৰীত জহনীৰ দেৱতাৰ দুপ-দুপনি, গভীৰ ৰাতি যম-ডাকিনীৰ দীঘল ৰিঙনি আৰু শিয়াল- কুকুৰৰ তমৰোল আতাহ! মৃত্যু বিভীষিকাই যেন মূৰ্তি ধৰি গাৱঁখনকে ছাদি ধৰিলে! এই ভীষণ দিনকেইটাত যি কেইজন বাচি থাকিল, তাহাঁতৰো পেটত কিমান ভয়, কিমান শঙ্কা!

( ২ )

 কোনোবাই কেনেবাকৈ কাৰবাক খবৰ দিলে, কৰবাৰপৰা ডাক্তাৰ এজন আহিল, লগত দুজন কম্পাউণ্ডাৰ। কম্পাউণ্ডাৰ দুজনে আলাগ-নিলাগ কৰি বেমাৰীৰ কাষক যায় কাৰো ঔষধ মুখত, কাৰো চকুত আৰু কাৰো বা মূৰত ঢালি থৈ আহে! কাকো গালি পাৰে, কাকো ঔষধ খুৱাওঁতে গালে মুখে চৰ মাৰে, আৰু সকলোকে খং কৰে। মান্নাৰ দেওৰ উপদ্ৰৱতকৈ এই দুজন চৰকাৰী দেওৰ উপদ্ৰৱ বেছি অসহ্য হৈ উঠিল। গাৱঁত ডেকা লৰা দুজনমানে ডাক্তাৰক কলে। ডাক্তাৰে তাৰ উপায় কৰিলে। কম্পাউণ্ডাৰ দুজনক কেৱল ঔষধ আনা-নিয়া তৈয়াৰ কৰা এই কাম দি আমাক কেইজনমানক লৈ ডাক্তাৰে এটা সেৱক দল গঠন কৰিলে। যি ৰকমে চলিলে জহনীলৈ ভয় নাথাকে, তেওঁ আমাক সেই দৰে ৰাখে, তেওঁৰ লগতে খুৱায়, তেওঁৰ লগতে ৰাতি থাকিব লাগে। এইদৰে ডাক্তাৰৰ অক্লান্ত পৰিশ্ৰম আৰু বিজ্ঞ চলনৰ ফলত পোন্ধৰ দিনমানৰ মূৰত জহনীৰ প্ৰকোপ কমিল। কৰবাত কোনোদিন এটা মৰে মাথোন!

 এই কেইদিনতে ডাক্তাৰে গাওঁখন জিনি ললে। তেওঁৰ নিৰ্ভীকতা, সেৱা-যত্ন, নৰিয়াৰ প্ৰতি মৰম, সান্ত্বনাৰ সুমিষ্ট কথা — এই সকলোএ গাৱঁলীয়া মানুহৰ মনত তেওঁক দেৱতাৰ শাৰীলৈ তুলিলে।

( ৩ )

 ইয়াৰেপৰা ডাক্তাৰৰ লগত চিনাকি, খুব মিল। তেওঁ শ্ৰীহট্টৰ মানুহ; প্ৰথমতে লোকেলবোৰ্ডৰ ডাক্তাৰ আছিল, যেতিয়া আমাৰ গাৱঁত জহনী হয়। তাৰপৰা বদলি কৰিব খোজাত তেওঁ বোৰ্ডৰ কাম এৰি দি নিজে ডাক্তাৰি আৰম্ভ কৰিলে। ময়ো পঢ়া-শুনা সাং কৰি বহিলোঁ, চহৰতে কিবা এখন সৰু দোকান দি।

 দোকানৰ সমুখৰ আলিত থিয় হৈ ডাক্তাৰে মাতিলে, “হেৰা, আহা! বেমাৰীক কিমান শুশ্ৰূষা কৰিব জানা এইবাৰ পৰীক্ষা হব।” তেওঁৰ কথাৰ সুৰত ব্যঙ্গ ভাৱৰ চেষ্টা থাকাতো মাতটো গম্ভীৰ, মোৰ কাণত বাজিল! অলপ পৰৰ পাছত মহৰীজনক দোকান চাবলৈ কৈ ডাক্তাৰৰ লগত নৰিয়া চাবলৈ ওলালোঁ!