পৃষ্ঠা:ময়না.pdf/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
ময়না


 এটা সুন্দৰ সৰু বঙলা ঘৰ, অলপ ওখ টিলা এটাৰ উপৰত। পুৱাই পৰিষ্কাৰ ৰোদ উঠি বঙলাটো জিক-মিকাই দিছে। বঙলাৰ সমুখৰ বাৰাণ্ডাৰ পৰা কাঞ্চন-জঙ্ঘাৰ দৃশ্য কি মনোৰম!বিশাল বপু মহাদেৱৰ দৰে জ্যোতিৰ্ময় মূৰটো আকাশলৈ দাঙি কি গম্ভীৰ মনোমুগ্ধকৰ শোভা ধাৰণ কৰি আছে—হিমালয়ৰ এই বৰ পুত্ৰই!

 বাবু ঘৰত নাই—কাৰ্য্যান্তৰত কলিকতাক গইছে। চাহাব বোলাৰ সকাম নাই, কাৰণ যদিও প্ৰাইভেট টিউটৰকে একশ টাকা যাচিছে, তথাপি ঘৰৰ ভিতৰৰ আদব কায়দা তেনেই বঙলুৱা। সেই মাছৰ ঝোল ভাজি আঞ্জা, আলুৰ চৰ্চৰি আৰু ভাত, সেই কুশাসন আৰু ঘটিৰ পানীৰ আচমন।

( ৪ )

 সৰু এটি খোঁটালীত বহিছোঁ, মাজতে এখন সৰু ধুনীয়া গদি দিয়া চেয়াৰ, ওচৰতে একচেট দেৰাজ—ওক কাঠৰ—চিক্‌চিকাই আছে। বেৰাত এখন নল-দময়ন্তীৰ, এখন সীতাৰ আৰু এখন অজ ইন্দুমতীৰ ছবি? সমুখৰ বেৰাত এজনী যুৱতীৰ ছবি, ওচৰতে দহ বছৰীয়ামান ছোৱালী এজনী। এই ছবি দুটা কিহৰ কব নোৱাৰিলো; কৰবাত যেন দেখিছোঁ অথচ মনত নপৰে।

 মনত কিমান ভাবিছোঁ— ছাত্ৰীজনী মোৰ কেনে, কিজানি বেছ ধুনীয়া ফুট্‌ফুটীয়া হব! মই কি সুধিম! এনেতে বগা চেমিজ এটাৰ ওপৰত ৰঙা পাৰী দিয়া ধপ্ ধপীয়া বগা শাৰী এখন পিন্ধি, পিঠিত দীঘল চুলিৰ বেণী ওলমাই, শৰৎ কালৰ পুৱাৰ শেৱালী ফুলৰ দৰে, সন্ধ্যা আৰতিৰ দীপ শিখাৰ দৰে, মোৰ ছাত্ৰী আহি খোঁটালীত সোমাল।

 কিন্তু—এইজনী যে সেইজনী ছোৱালী; যাক মই ৰেলত সিদিনাখন পাইছিলো আৰু যাক নি মোৰ বিছনাখনত শুৱাই নিজক ধন্য বুলি ভাবিছিলো! সমুখৰ বেৰৰ ছবি চিনিলো।

 তেওঁ “মা মা এ যে···বাবু” বুলি লৰি ভিতৰলৈ সোমাই গল।

—:০:—

ময়না-৬