পৃষ্ঠা:ময়না.pdf/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
ময়না

গাত মূৰ থৈ তাই শুই পৰিল। আগেয়ে মোৰ বেঞ্চিখন কাকো এৰি নিদিবলৈ মনে মনে কৰা সংকল্প কৰবালৈ উৰি গল। মই তাইক আঙুলিয়াই কলোঁ—

 “ওকে আমাৰ বিছানায় ঘুমুতে দিন।”

 “আপনি?”

 “আমি ওপৰেৰ Berth এ শোব অখন।”

 “কেন মিছে কষ্ট কৰবেন! ও বেশ আছে।”

 “কেন কিশেৰ মশায়! আমি এখানে শুয়ে থাকব, আৰ ঐ মেয়েটি ওৰকম কৰে থাকবে! সে হতে পাৰে না।”

 কথাৰ লগত লাজৰ সম্পৰ্ক ৰাখি ছোৱালীজনীক দাঙি আনি মোৰ বিছনাখনতে শুৱাই থলোঁ। কিছুপৰৰ পাছত যুদ্ধ, হোমৰুল, লৰ্ড কাৰ্মাইকেল, আমাৰ কৃষক, ৰেলৰ তৃতীয় শ্ৰেণী ইত্যাদি ভাৰস্তৰ সকলো কথাৰ আলাপ সাং কৰি উপৰৰ বাৰ্থ এখনত শুলো। ৰাতি ৰেলে পাৰ্বতীপুৰ পালে। বাবুজনে ‘Good night” আৰু “Thank you very much for your kindness” কৰি গুচি গল।

( ৪ )

 তিনি মাহৰ ছুটী লই দাৰ্জিলিং অভিমুখে যাত্ৰা কৰিলোঁ যেতিয়া, তেতিয়া মোৰ মনটো খুব পাতল লাগিল। অনেক দিন নৰিয়াত পৰি থাকি চুলি-দাৰি খুৰাই প্ৰথম গা-ধুলে যেনে পাতল লাগে, বৰ ডাঙৰ সকাম এটা কৰি তাৰ সকলো লেঠ৷ মাৰি উঠিলে যেনে পাতল লাগে, তেনে পাতল লাগিল। ষ্টেটচ্ মেন কাকতত বিজ্ঞাপন দিয়া শিক্ষকৰ কামটো মোকেই দিছে। যাৰ মোক আৱশ্যক তেওঁ থাকে দাৰ্জিলিঙত। পাৰ্বতীপুৰত গাড়ী বদলাই ললোঁ; আকৌ শিলিগুৰিত বদলালোঁ। শিলিগুৰিৰ পৰা অঁকা-বেকা পৰ্বতীয়া বাটৰ মাজেদি ৰেলগাড়ীখন প্ৰকাণ্ড এটা কেৰেলুৱাৰ দৰে পৰ্বত বগাই যাব ধৰিলে। মাজে মাজে অভ্ৰভেদী পৰ্বতৰ শৃঙ্গ; মাজে মাজে অতলস্পৰ্শ গহ্বৰ। ঠায়ে ঠায়ে ঝোপ আৰু জাৰনিৰ মাজেদি পৰ্বতৰ ওপৰৰ পৰা ঠেক উপত্যকা বগাই বগাই ফটিকৰ নিজৰাই উঠি-নামি হাঁহি-কান্দি কিশোৰী বালিকাৰ দৰে গোটাইটো দৃশ্যক এক অপূৰ্ব মাধুৰ্য্যত পূৰ্ণ কৰি দিছে। শেষত যাই দাৰ্জিলিং পালোঁ। ষ্টেছনত এজন মানুহে অপেক্ষা কৰিছিল। মুটিয়াৰ মূৰত মালবস্তু দি যাৰ ঘৰত চখৰ চাকৰিটে৷ লইছিলোঁ তেওঁৰ ঘৰ ওলালোঁ।

 যিজন মানুহে ছোৱালীৰ শিক্ষকক একশ টাকা বেতন দিব পাৰে, তেওঁ নিতান্ত চাহাব বুলি মোৰ মনে মনে অলপ আশঙ্কা আছিল। সেই দেখি ৰেলতেই মই চাহাবী পোছাক এটা পিন্ধি লইছিলোঁ। আৰু মনে মনে কেনেকৈ Good morning দিম, Hand Shake কৰোঁতে কোনটো কায়দাত হাত জোকাৰিম, ইংৰাজী কওঁতে Sir Sir মুখত নাহাৰ কি উপায় কৰিম, Thanks Thanks বোলাৰ কি দৰে অভ্যাস কৰিম ইত্যাদি কথাৰ বিশেষ আলোচনা কৰি গইছিলো। মাজে মাজে ‘বেয়া পায় যদি পালে—মোৰ চাকৰিটো চখৰ হে, ইচ্ছা নহলে এৰি গুচি যাম’—ইত্যাদি ভাবি মনটোক ডাঠ কৰি লইছিলো। এই দৰে যাই গন্তব্য ঠাই পেলো।