॥৴৹
জ্ঞান-খঙ্গ হাতে ধৰি।
বৈৰাগ্য ঢাকন কৰি॥
স্বধৰ্ম্ম-কৱচ গাৱে।
পিন্ধিয়োক দৃঢ়ভাৱে॥
বিবেক চক্ষুক মেলি।
জাগি থকা নিদ্ৰা হেলি॥
এহিমতে ধৈৰ্য্য বিত্ত।
ৰাখিয়োক প্ৰতিনিত॥
পাছে সেহি বিত্ত নিয়া।
মাধৱৰ পাৱে দিয়া॥”
ইত্যাদি।
কেনে চমৎকাৰ ৰচনা-কৌশল! কেনে সুন্দৰ উপমা!! কেনে সৎভাৱপূৰ্ণ আধ্যাত্মিক ভাবৰ সমাবেশ!!! এইয়ে আচল পণ্ডিতৰ পণ্ডিতালী, কবিৰ কবিত্ব! এনে সাধু পণ্ডিত বিলাকৰ যিঠাইত জন্ম আছিল, যি ভাষা এনে মহাত্মা সকলৰ মাতৃ-ভাষা আছিল, কোনে কয় আজি সেই দেশ অশিক্ষিত আৰু সেই ভাষা কোনো ভাষায়ে নহয়? তিনি চাৰি শ’ বছৰ আগেয়ে যি দেশে, যি ভাষায়ে সাধু-সংসৰ্গত থাকি উন্নতিৰ জখলাৰ ওখ খাপত উঠিছিল, বৰ্ত্তমান অৱস্থাৰ লগত ৰিজালে এতিয়া তাৰ অৱনতিহে বুলিব পাৰি। আমি আজি জন্মভূমিৰ কুসন্তান জন্মিছিলোঁ, সেই নিমিত্তেহে আজি আমাৰ স্বদেশ আৰু স্বভাষাৰ প্ৰতি অৱজ্ঞা হেতু—আমাৰ প্ৰাণ প্ৰিয়তমা জন্মভূমিৰ—আৰু লগে লগে এনে সুললিত ভাষাৰ এই দীন-ভাৱ আৰু বিভিন্ন দেশীৰ মুখত অযথা নিন্দাবাদ! ধিক্ আমাৰ জন্ম! ধিক্ আমাৰ জীৱন!! আৰু ধিক্ আমাৰ বৰ্ত্তমান বিশ্ববিদ্যালয়ৰ শিক্ষা আৰু উপাধি!!! শিক্ষিত নাম পাইও