পৃষ্ঠা:মণিকুট.djvu/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥৹

কাৰুকাৰ্য্য দেখি, আমাৰ পূৰ্ব্বপুৰুষ বিলাক যে চিত্ৰ-বিদ্যাতো অতি সুদক্ষ আছিল তাৰ বিশিষ্ট প্ৰমাণ পোৱা যায়। পুথিখনিৰ পদ-ৰচনা, উপমান্‌ আৰু উপমেয় এই দুইৰো সুমিলন আৰু সংযোজন, ভাৱৰ গম্ভীৰতা আৰু শ্ৰুতি-মাধুৰ্য্য ইত্যাদিৰে এইটো অতি সহজে ঠাৱৰ হয় যে, লেখক এজন ধাৰ্ম্মিক, সংস্কৃত আৰু অসমীয়া ভাষাত সুবিজ্ঞ পণ্ডিত আছিল। তেওঁ এঠাইত লেখিছে;—

“মোৰ কৃত বুলি যেন পৰিহৰা দোষ।
কৃষ্ণ-কথা শুনি হুয়ো পৰম সন্তোষ॥
পঙ্ক হন্তে লভে জন্ম পদ্ম পুষ্পচয়।
পঙ্কক নলৱে তাৰ পুষ্পক পিন্ধয়॥
সৰোবৰ হন্তে এই দৃষ্টান্তক পায়।
কৃষ্ণ-কথা পদ্মসম মই পঙ্ক প্ৰায়॥”

আৰু আন এঠাইত লেখিছেে;—

“দেখা কেনে বিপৰীত।
পায় নৰে প্ৰতিনিত॥
সংসাৰ অৰণ্য কাষে।
দেহ-গৃহ নিৰ্ম্মি আছে॥
মোহ-ৰজনীক পাই।
কাল-চোৰ ধায়া যাই॥
নৱগোটা সিদ্ধি পাই।
সেহি ঘৰে পশি যাই॥
ধৈৰ্য্য-বিত্ত লৈয়া পাছে।
কৌতুক কৰিয়া নাচে॥