পৃষ্ঠা:মণিকুট.djvu/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

।৶৹

কাম কৰিবলৈকে যথেষ্ট সেৱাইত পাইক দি, মাটি-বৃত্তি চলাই, সেৱাইত আৰু পাইকে যাতে নিয়মিতৰূপে দেৱালয়ত খাটে, সেইবাবে দেৱালয়ৰ তৰফে পূজাৰী হতৰ ভিতৰৰে এজনক গুণী-জ্ঞানী বাচিলৈ, দলৈ উপাধি দি, অধ্যক্ষ পাতি, আগলৈকেও একে নিয়মে এই উপাধিধাৰী জনাৰ তত্ত্ৱাৱধানত দেৱালয় চলিবৰ নিয়ম-প্ৰণালী কৰি, তামৰ ফলি-আদিত ৰাজাদেশ পত্ৰ বুলি লেখিথৈ যায়। কিন্তু কালৰ সোতঁত, আসাম-ৰাজ- অভাৱত, এই দলই বিলাকৰ মতি, বুদ্ধি আৰু দেৱতাৰ প্ৰতি ভয়-ভক্তিৰ ন্যূনতা হেতু দেৱালয়ৰ আগৰ সুচল অৱস্থা ক্ৰমাৎ লোপ পাবয়ে ধৰিছে। দ্বিতীয়, যোৱা ভীষণ ভূমিকম্পতো দেৱালয়ৰ অনেক পৰিমাণে ক্ষতি হয়। তৃতীয়, উপযুক্ত শাসন অভাৱত, দেৱালয়-কাৰ্য্যত, সেৱাইত আৰু পাইক বিলাকৰ বৰ্ণজ নিজ কৰ্ত্তব্যত আওহেলা, ইও দেৱালয়ৰ পূৰ্ব্বশ্ৰী নষ্ট হোৱাৰ অইন এটি কাৰণ।

 কবিৰ লেখামতে আজি এই মণিকুট পুথিখনি প্ৰায় ২২১ বছৰ আগৰ। দুখৰ বিষয় পুথিৰ ভিতৰত কোনো ঠাইতে কেতিয়া কোন চনত আৰু কোন তাৰিখত এই পুথিখনি লেখা হৈছিল তাৰ কোনো উল্লেখ নাই; কেবল শেহত লেখকে মাঘ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথি, মঙ্গলবাৰৰ দিনা লেখা শেষ হল বুলি এটি সংস্কৃত শ্লোকত[] অলপ উনুকিৱাই গৈছে।

 পুথিখনিৰ ৰচক আৰু লেখক দুজন মানুহ। ৰচোঁতাৰ নাম ৰামচন্দ্ৰ দাস আৰু লেখোঁতাৰ নাম দ্বিজ হৰিমিশ্ৰ। মূলখনি সাঁচিপতীয়া আৰু প্ৰতি পাততে ভিন্ ভিন্ ৰকমৰ ধুনীয়া ধুনীয়া লতা তোলা। আখৰ বিলাক দেখোঁতে যেন আজি লেখা বুলিহে বোধ হয়। পাত বিলাকত


  1. “মাৰ্গ শীৰ্ষৈ শীতে পক্ষে চতুৰ্থাং ভৌম বাসবে।
    হৰি মিশ্ৰেণ বিপ্ৰেণ লিখিতা পুস্তিকা শুভা॥”