পৃষ্ঠা:মণিকুট.djvu/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৷৵৹

যেয়ে এবেলি মাধৱলৈ গৈছে সেয়ে আমাৰ উক্তিৰ যথাৰ্থতা বুজিব পাৰিছে।

 কবিয়ে পুথিত লেখিছে “ইতিপূৰ্বে উৰ্ব্ব নামে কোনো এজনা ঋষি আছিল; তেওঁ বহুদিন ধৰি বহু কষ্ট সহকৈ ঈশ্বৰ-আৰাধনা কৰে। এই আৰাধনাত সন্তুষ্ট হৈ মহাপ্ৰভুয়ে বিষ্ণুৰূপে ঋষিৰ আগত উপস্থিত হৈ বৰ যাচিলত, ঋষিয়ে স্তৱস্তুতি কৰি ইয়াকে সাধে “হে ব্ৰহ্মাণ্ডেশ্বৰ, পাপ- তাপ-বিনাশকাৰী হৃষিকেশ! ঘোৰ দোৰ্দ্দণ্ডপ্ৰতাপী, দেৱ-দ্বিজ হিংসাকাৰী পাপীষ্ঠ হয়াসুৰৰ উপদ্ৰৱত আজি আপোনাৰ সৃষ্ট এই পৃথিবী ৰাজ্য প্ৰায় জেৰ-বেৰ!! কেতিয়া যেই ৰসাতললৈ যায় তাৰ কোনো নিশ্চয় নাই। এতেকে প্ৰভো! কৃপা কৰি যেন এই দুৰ্ব্বাৰ অসুৰক সংহাৰ কৈ বসুন্ধৰা দেৱীক অবশ্যম্ভাবী বিপদৰ পৰা মোকলাই, আপোনাৰ দীনতাৰণ নামৰ সাৰ্থকতা ৰক্ষা কৰি, কলিৰ পাপ-কলুষিত জীৱৰ উদ্ধাৰ অৰ্থে স্বমূৰ্ত্তিৰে, এই মণিকুট গিৰিৰ ওপৰত বিৰাজ থাকে, এইয়ে মোৰ প্ৰাৰ্থিত বৰ।” ইয়াতে ভগবান বিষ্ণু সন্তুষ্ট হৈ ‘তথাস্তু’ বুলি অন্তৰ্ধ্যান হয় আৰু হয়গ্ৰীৱৰূপে হয়াসুৰৰ নিধন সাধিলত, উড়িষ্যাধিপতি মহাৰাজ ইন্দ্ৰদ্যুম্নে সাগৰত উটি অহা যি দাৰু বৃক্ষেৰে শ্ৰীক্ষেত্ৰত জগন্নাথ মহাপ্ৰভুৰ মূৰ্ত্তি স্থাপন কৰিছিল, তাৰে এক অংশেৰে উৰ্ব্ব ঋষিয়েও হয়গ্ৰীৱ মাধৱৰ মূৰ্ত্তি হাজোস্থিত মণিকুট পৰ্বতৰ ওপৰত স্থাপন কৰে।” পুথিৰ বৰ্ণিত ঘটনা এইয়ে।

 যিহক উৰ্ব্ব ঋষিৰ পাছত এই হয়গ্ৰীৱ-বিগ্ৰহ-ক্ষেত্ৰ আৰু তাৰ ওচৰ কাষৰৰ স্থান বিলাক ঘোৰ হাবিয়নীৰে ভৰপূৰ আহিল। আহোম ৰজা বিলাকৰ দিনত এই তীৰ্থ-ক্ষেত্ৰ চাক-চিকণ হয় আৰু কেইবা জনো ভূতপূৰ্ব্ব আসামাধিপতিয়ে দেৱালয়ৰ সেৱা পূজাৰ উন্নতিকল্পে প্ৰায় ৭২,০০০ দোন জমী দেৱোত্তৰ স্বৰূপে আৰু লগে লগে দেৱালয়ত কাজ-