পৃষ্ঠা:মণিকুট.djvu/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আলোচনী

 আসাম প্ৰদেশৰটো কথায়ে নাই এনে কি গোটেই ভাৰতৰ ভিতৰটো বিশেষকৈ কামৰূপ খণ্ড সুপৱিত্ৰ হিন্দু-তীৰ্থ-ক্ষেত্ৰাদিৰ নিমিত্তে প্ৰসিদ্ধ। ইয়াৰ ভিতৰত এনে এখনি ঠাই নাই, যে তাত কোনো এখনি তীৰ্থ-স্থান নাই। ব্ৰহ্ম-পুত্ৰ নদ ব্ৰহ্মকুণ্ডৰ পৰা ওলাই এই ঠাই ডুখৰৰ মাঝেৰে বৈ গৈ ইয়াক উত্তৰ আৰু দক্ষিণ এই দুভাগত বিভক্ত কৰিছে। উত্তৰ ভাগক উত্তৰ, আৰু দক্ষিণ ভাগক দক্ষিণ কূল বোলে। দক্ষিণ কূলত কৈ উত্তৰ কূলত তীৰ্থ-ক্ষেত্ৰৰ সংখ্যা সৰহ। এই বিলাক তীৰ্থস্থানৰ ভিতৰত প্ৰাগজ্যোতিষ্পুৰৰ (বৰ্ত্তমান গুৱাহাটীৰ) পোন্ধৰ মাইল দূৰ, ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ দাতিত থকা হাজোৰ মাধৱ, কেদাৰ, গণেশ, কামেশ্বৰ আৰু কমলেশ্বৰ এই পাঁচখন দেৱালয় বিশষকৈ বৈষ্ণৱ, শৈৱ, আৰু শাক্ত, তিনিও সম্প্ৰদায়ৰে অতি সুপৱিত্ৰ স্থল। এই তীৰ্থক্ষেত্ৰৰ মাহাত্ম্য- বিষয় ‘যোগিনী তন্ত্ৰত’ সবিস্তাৰিত লেখা আছে। ইয়াৰ স্থাপনা দ্বাপৰৰ শেষ আৰু কলিৰ ঠিক আদিতে হয়।

 বৰ্ত্তমানে মাধৱ দেৱালয় বুলিলে ওপৰতকৈ অহা বাকী চাৰিখন দেৱালয়ো ইয়াৰ লগত থকা বুজায়। কাৰণ আমাৰ ৰজা ইংৰাজ গবৰ্ণমেণ্টৰ লগত অকল মাধৱ দেৱালয়ৰ নামেহে জমীজমা ইত্যাদিৰ বন্দৱস্ত।

 মূল পুথিখনিত কেৱল মাধৱ দেৱালয়ৰ স্থাপনা আৰু তাৰ মাহাত্ম্য আদিৰে কথা কবিয়ে পদ-বন্ধে নিবন্ধন কৰি গৈছে। কিন্তু পুথিত বৰ্ণিত মতে দেৱালয়ৰ আজি সেই পূৰ্ব্বৰ সুচল অৱস্থা নাই; সময় পৰিবৰ্ত্তনৰ লগে লগে ইয়াৰো অনেক সান শলনি ঘটিছে। এই বিষয়