কাৰোবাক টকা ঋণলৈ খুজিলে। কোনোজন হৃদয়ৱানে মাক টকা ঋণলৈ দি ডাঙৰ উপকাৰ কৰিলে। কোনোজন হৃদয়হীনে টকা থাকিও ঋণলৈ নিদি বিমুখ কৰি পঠালে।
আমি ভেলোৰলৈ যাবলৈ ওলোৱা গতিকে ভেলোৰৰ পৰা ঘৰৰ লগত যোগাযোগ কৰিবৰ বাবে এটা টেলিফোন সংযোগ কৰা হ’ল।
ভেলোৰলৈ যাবলৈ মাজত মাত্ৰ এটা দিন। সকলো যো-জা হৈ গৈছে।
ভৰ দুপৰীয়া বাৰ মান বজাত ফোনটো বাজি উঠিল।
ফোনটো মোৰ কাষতে থাকে।
মায়ে ফোনটো ৰিচিভ কৰি হুক্ হুকাই কান্দি উঠিল।
মই মাক কি হৈছে, কিয় কান্দিছে সুধিলোঁ।
মায়ে হুক্ হুকাই কান্দিয়ে ক’লে— আমাৰ লগত ভেলোৰলৈ যাবলৈ ওলোৱা পল্লৱ আমাৰ লগত নাযায়।
কথাষাৰ শুনি মোৰ মূৰৰ ওপৰত আকাশখন ভাগি পৰা যেন লাগিল। নিঃশব্দে বৈ আহিল চকুলো।
লগে লগে মায়ে কান্দোন বন্ধ কৰি ক’লে— মই এতিয়াই গুৱাহাটীলৈ যাওঁ। তাক হাতে-ভৰিয়ে ধৰিম আমাৰ লগত যাবলৈ। কালিৰ দিনটো থাকি পৰহিলৈ যোৱাৰ দিন।
ফেব্ৰুৱাৰী মাহ। দিন সিমানো দীঘল নহয়। তথাপি, মা ততাতৈয়াকৈ যাবলৈ ওলাল।
মা গৈ গুৱাহাটীৰ ঘৰ পায় মানে নিশা সাত বাজিল। মা পল্লৱদাৰ ঘৰলৈ গ’ল।
মায়ে পল্লৱদাৰ মাক-দেউতাকক ক’লে— তেওঁলোকৰ ল'ৰাক আমাৰ লগত এসপ্তাহৰ কাৰণে যাবলৈ অনুমতি দিয়ে যেন।
পল্লৱদাৰ মাক-দেউতাকে আমাৰ লগত তেওঁলোকৰ ল’ৰাক যাবলৈ অনুমতি দি আমাৰ ওপৰত এটা ডাঙৰ উপকাৰ কৰিলে। যাৰ কাৰণে মায়ে তেওঁলোকৰ ওচৰত চিৰঋণী বুলি কৈ গুচি আহিল।
কেনেকৈ ‘অনুভূতিৰ’ৰ লগত খেলিব পাৰে?
সেয়ে সৰ্বকথিত এশাৰী বাক্য আছে-- ‘মানুহক জনাটোৰ সমান কঠিন কাম নাই।’
যা হওক, আমি যাবলৈ সাজু হ’লোঁ ভেলোৰলৈ। যিদিনা যাম সেইদিনা পুৱা স্থানীয় ডাক্তৰজনে আহি মোক প্ৰস্ৰাৱ কৰিবৰ কাৰণে কেথেটাৰডাল সংযোগ কৰি দিলেহি।
মালাই কলেজৰপৰা আহি বা আৰু মাৰ লগত আঁঠুৰ ভৰিৰ ঘাবিলাক বেণ্ডেজ কাপোৰেৰে মেৰিয়াই মেৰিয়াই ঢাকি-বান্ধি দিলে।