কথাকেইটা মনতে আওৰাই থাকোঁতে তীব্ৰ যন্ত্ৰণাত মানসিকভাৱে দেই-পুৰি মৰিছিলোঁ।
মই যেতিয়া মোৰ নিজৰ এটা পাত্ৰতহে আহাৰ খাম বুলি জেদ ধৰিছিলোঁ, মায়ে অনুমান কৰিলে— মানুহগৰাকীয়ে কোৱা কথাখিনি মই শুনিলোঁ। সেয়ে সকলো বস্তু বেলেগকৈ ব্যৱহাৰ কৰিম বুলি কৈছোঁ।
মায়ে মোক বুজাইছিল মানুহজনীয়ে কোৱা কথাটো সঁচা নহয়। মই দুখ পাব নালাগে। বাচন বেলেগকৈ ল’ব নালাগে।
মই কিন্তু মাৰ কথা মনা নাছিলোঁ। কাপ, বাটিৰ পৰা সকলো বস্তু বেলেগ কৰি লৈছিলোঁ।
ঈশ্বৰক মনে মনে প্ৰাৰ্থনা কৰিছিলোঁ—
ঈশ্বৰ, মোকেই যে এই দুখ-যন্ত্ৰণাৰে ভৰা জীৱনটো দিলে, তাৰ কাৰণে ধন্যবাদ। মই ঘৰখনৰ প্ৰতিজন সদস্যকে বহু ভাল পাওঁ। সিহঁতৰ যদি আজি মোৰ দৰে অসুখটো হ’লহেঁতেন, সিহঁতেও বহু কষ্ট পালেহেঁতেন আৰু মই সিহঁতৰ দুখ-কষ্ট দেখি সহ্য কৰিব নোৱাৰিলোঁ হেঁতেন।
জনা–নজনা হোৱাৰ পৰা সদায় গধূলি চোতালৰ আগত থকা গোসাঁইঘৰটোত চাকি-ধূপ জ্বলাই প্ৰাৰ্থনা কৰিছিলোঁ ঈশ্বৰক ঘৰৰ সকলোকে কুশলে ৰাখিবলৈ। ঈশ্বৰে মোৰ প্ৰাৰ্থনা শুনিলে। ঘৰৰ আন কাকোকে এই সহ্যাতীত শোকাগ্নি নিদি মোকে দিলে।
মই এতিয়া মাৰ লগত একেখন বিছনাত শুব নোৱৰা হ’লোঁ। প্ৰস্ৰাৱ হৈ থাকে বাবে অকলে শুবলৈ ল’লোঁ। মায়ে মোৰ কাষতে এখন সৰু বিছনা পাৰি ৰাতি শোৱে। মই থকা কোঠাটোত দুখন বিছনা পাৰি থ’ব নোৱাৰে, গতিকে দিনত বিছনাখন উঠাই থয়।
গোটেই ৰাতি উজাগৰে থাকোঁ। টোপনি নাহে। মাৰ হাতখন ধৰি শুই থাকোঁ লেখহীন ভাবনাৰ মাজত ডুবি। মায়ে যদিও বেলেগকৈ শুইছিল, মোৰ ভয় লগাৰ কাৰণে একেবাৰে মোৰ বিছনাৰ কাষত মাৰ বিছনাখন পাৰি লৈছিল যাতে মই মাৰ হাতখনত ধৰি টোপনি যাব পাৰোঁ।
সৰুৰে পৰা মই মাৰ বাহিৰে আন কাৰো লগত নুশুইছিলোঁ। আমাৰ ডাঙৰ বিছনাখনত মা, আমি চাৰিটা একেলগে শুইছিলোঁ। মই মাহঁতৰ লগত শাৰীপাতি শোৱা নাছিলোঁ। মাৰ ভৰি দুখনৰ ওচৰত মূৰটো থৈ হাতেৰে ভৰি তলৰ অংশ মুঠি
মাৰি ধৰি শুলেহে মোৰ টোপনি আহিছিল।