প্ৰয়োজনত ক’বলগীয়াকেইটা কওঁ। উত্তৰ দিবলগীয়াকেইটাহে দিওঁ।
ক’বলৈ গ'লে শৰীৰৰ নিম্ন অংশ জঠৰ হৈ যোৱাৰ দৰে মুখৰ শব্দবোৰো জঠৰ হৈ পৰিল।
মই এতিয়া, মাৰ লগত বা-হঁত স্কুললৈ যোৱাৰ পিছত মাটিত পাটী পাৰি বহি চেংগুটি, কচুঠাৰিৰ টুকুৰাৰে খেলা ‘ঢাল’, তামোলৰ কলিৰে খেলা ‘খলি’, ‘লুডু নেখেলোঁ।
এতিয়া, মই মাথোঁ জীৱিত ‘মৰাশ’ এটাৰ দৰে বিছনাত পৰি থাকোঁ।
আত্মীয়-কুটুমে মোৰ জীৱনত অকস্মাতে নিয়তিয়ে কুঠাৰৰ ঘাপ মৰা দুখত দুখী হৈ খবৰ লোৱাৰ সোঁত বলিল।
যিমানেই মানুহে মোৰ খবৰ ল’বলৈ আহিল, সিমানেই ‘দ’ হৈ গৈ থাকিল মোৰ বুকুৰ ‘দুখ’ৰ খাৱৈটো।
ধাৰাবাহিকভাৱে মায়ে খবৰ ল’বলৈ অহা মানুহৰ আগত মোৰ আকস্মিক ভয়ংকৰ দুখৰ জীৱনৰ একেটা অধ্যায়েই দিনটোত দহ বাৰমান ক’ব লগীয়াত পৰিল।
মোৰ সন্মুখত মায়ে চকুলো টুকি টুকি যেতিয়া হৃদয়বিদাৰক অধ্যায় দোহাৰিছিল, মোৰ সহ্যৰ সীমা পাৰ হৈ গৈছিল।
মায়ে মোক লৈ এক বুজাব নোৱৰা সীমাহীন দুখ পাইছে। মাৰ চকু-মুখৰ ভাষাতে ফুটি উঠিছিল। —চিঞৰি চিঞৰি কান্দিবৰ মন গৈছিল।
দৌৰি পলাই যাবলৈ মন গৈছিল, তেনে এক শোকাকুল পৰিৱেশৰ পৰা ৷
মই হাৰিছিলোঁ নিয়তিৰ ওচৰত। ইচ্ছা কৰিও মাক ক’ব পৰা নাছিলোঁ।
মই ইচ্ছা কৰিও ক’ব পৰা নাছিলোঁ— ‘মা নাকান্দিব বুলি।’ মই আপোনাৰ চকুত চকুলো চাব নোৱাৰোঁ বুলি ক’ব খুজিও থমকি ৰৈছিলোঁ।
শব্দহীন হুমুনিয়াহত মাথোঁ অদৃশ্যজনক কাকূতি কৰিছিলোঁ। মোক এই যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ দিবলৈ।
প্ৰত্যেক মানুহৰে জীৱনত মৃত্যু চিৰসত্য।
কিন্তু!
মই ইমান কম বয়সতে যে মৃত্যু বিচাৰিছোঁ।
মৰ্মাহত মোৰ বেদনাবোৰ, সহিব নোৱৰা যন্ত্ৰণাবোৰ, ঘৰখনক দিয়া যন্ত্ৰণাবোৰৰ উমৈহতীয়া কিছুমান চিন্তাই বাধ্য কৰিছিল মোক ভাবিবলৈ।
খবৰ ল’বলৈ অহা বহু শুভাকাংক্ষীয়ে চকুলো টুকিছিল মোক চাই চাই। বহুজনে মাক উপদেশ দিছিল বিভিন্ন ধৰণে।