পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(সাত)

 ‘জোনবাই' মোৰ একান্ত ব্যক্তিগত সঁফুৰাটো দ্বিধাহীনভাৱে খুলি দিব পৰা জোনাক নিশাৰ সংগী। পূৰঠ প্ৰাণোজ্জ্বল মুখখন চোৱাৰ অপেক্ষাত দুপৰ নিশাও চকুযুৰি পলক নেপেলোৱাকৈ খিৰিকীৰে চাই থাকিছিলোঁ, মোৰ লগত নিশা উজাগৰে আছিল মা। গৰম দিনত মোৰ বিছনাৰ কাষত মা দুপৰ নিশালৈকে হাতত বিচনীখন লৈ বিৰামহীনভাৱে ‘বা’ দি থাকিছিল। গৰমৰ দিনত বিজুলী সঘনাই কৰ্তন কৰে, গতিকে বিজুলী নাথাকে বুলিবই পাৰি। মই নিজে বিচি ল’ব নোৱাৰোঁ, গতিকে, মায়ে গেটেই নিশা বিছনাৰ কাষৰ টুলখনত বহি ‘বা’ দি থাকিছিল।

 মাক মই তেনে অমানুষিক কষ্ট দিয়াৰ বাবে তেতিয়াও, আজিও নিজকে ক্ষমা কৰিব পৰা নাই৷ উপায়হীন আছিলোঁ।

 এবাৰ গৰম দিনত গাঁৱৰ ট্ৰেঞ্চফৰ্মাৰটো বিকল হোৱাৰ বাবে গৰমৰ ছমাহ দিন গাঁৱত বিজুলী নাছিল। সেইদিন কেইটাৰ কথা ভাবিলে আজিও মোৰ চকুপানী সৰ্ সৰ্ কৰে নিগৰে। কঁকালৰ নিম্ন অংশ ওপৰে তলে দুখন ডাঠ প্লাষ্টিকৰ পলিথিনৰ মাজত সোমাই থকাৰ ফলত ভৰিৰ ঘাবোৰ গেলি গৈছিল।

 অধীৰ আৱেগ মিহলি হৈ আছিল প্ৰতিটো ক্ষণ। বুকুৰ মাজত ঠাহ খাই থকা প্ৰাপ্তি-অপ্ৰাপ্তি, সুখ-দুখ, হাঁহি-কান্দোন, হুমুনিয়াহবোৰ উবুৰিয়াই থ'বলৈ প্ৰতিটো মাহৰ প্ৰতিটো পল প্ৰতীক্ষাৰে পাৰ কৰিছিলোঁ।

 কেতিয়াবা শান্ত, সুবিশাল মুক্ত আকাশত নাইবা কেতিয়াবা গোমোঠা ডাৱৰে অগা-ডেৱা কৰি থকা মায়াময় আকাশৰ বুকুত আগমন হৈ। মই থকা কোঠাটোৰ খোলা খিৰিকীৰে ভুমুকি মাৰি জোনটোৱে সুধিছিল...

 কেনে আছা তুমি?

 জোনবাই, তোমাৰ চমু প্ৰশ্ন, মোৰ মৌন দীঘলীয়া উত্তৰ শেষ নৌহওঁতেই সময় গতিশীল বুলি নিঃশব্দে বুজাই গুচি গৈছিলা। মোৰ অভিমানী মনটো আকোৰগোঁজ হৈ পৰিছিল তোমাক কাষত পাবলৈ, আধৰুৱা কথাবোৰ শেষ কৰিবলৈ। সূৰ্যৰ তাপত ডাৱৰ গলিব ধৰাৰ দৰে মোৰ বুকুৰ ভিতৰত চকুলো গলিছিল।

 ক’বলৈ থাকি গৈছিল- তুমি মোৰ নিঃসংগতাৰ সংগী হোৱাৰ আগতে

নৈসৰ্গিক প্ৰাণ-প্ৰাচুৰ্য্যৰে ভৰা অপৰূপ সৌন্দৰ্যৰ অধিকাৰী ধৰিত্ৰী মোৰ সংগী আছিল।

৪১