এনে অবৰ্ণনীয় শাৰীৰিক-মানসিক যন্ত্ৰণাৰ আঘাতৰ প্ৰতিফলনত মোৰ মন- মগজুত বাহ লৈছিল— ‘মৃত্যু’ নামৰ দৈত্যটোৱে।
’মৃত্যু’ জীৱনৰ শেষ দেৱালত অঁকা বিধ্বস্ত উপত্যকাৰ ভগ্ন শিলালিপি। ই ভয়ংকৰ যন্ত্ৰণাৰ পৰা মুক্তি দিয়াৰ শেষ আশ্ৰয় আছিল মোৰ। ’মত্যু’ কোনোৱে কামনা নকৰে। সৃষ্টিৰ দলিলত ’মত্যু’ চিৰন্তন সত্য যদিও তাক সহজে মানি লোৱাটো কঠিন। ’মৃত্যু’ এক ভয়ংকৰ সত্য।
দিন-ৰাতি এতিয়া মোৰ এটাই লক্ষ্য— ‘মৃত্যু'। মানসিকভাৱে কচৰৎ কৰি থাকিছিলোঁ। ’মৃত্যু’ নামৰ দৈত্যটোৰ লগত প্ৰতিপল। কেনেকৈ সফল হ'ম। যন্ত্ৰণাৰ পৰা মুক্তি পাই মৃত্যুৰ কোলাত প্ৰশান্তি ল’বলৈ এটা উপায় উলিয়ালোঁ।
‘আত্মহত্যা!’
উচপ খোৱা, আতংকিত, জিভা কোঁচ খাই অহা এটা শব্দ। শব্দটো মুখেৰে উচ্চাৰণ কৰোঁতে মোৰ শৰীৰৰ মাজেৰে তড়িৎ গতিৰে তেজ চলাচল কৰিব ধৰিলে। এক উদ্বিগ্ন শিহৰণত শিহৰিত হৈছিলোঁ। কম্পিত হৈছিল কেঁচা কলিজা। দুচকুৰে জৰ্জৰ্কৈ নিগৰিছিল চকুলো।
সেই সময়ছোৱাত অত্যধিক কষ্টই সৰ্বশৰীৰ পীড়িত কৰি থাকে। গতিকে নিশা খুব কম টোপনি হৈছিল। খুব কম বুলিবলৈ চিলমিলকৈ এক-দুই ঘন্টা। কেতিয়াবা মেলা চকু মেলাতে ৰাতি পুৱাইছিল।
মায়ে যেতিয়া ডাক্তৰৰ পৰামৰ্শ ল'বলৈ গ'ল, ডাক্তৰে ‘শ্লিপিং’ টেবলেট লিখি দিলে— যেতিয়া একেবাৰে টোপনি নাহে তাৰে এটা মোক খুৱাই দিবলৈ ক'লে। লগতে এইটোও সাৱধান কৰি দিলে যে একেলগে গোটেইকেইটা খালে হয়তো মৰি যাবও পাৰে।
মায়ে টেবলেটকেইটা কিনি আনি মোৰ ওচৰত থোৱা নাছিল। এনেয়ে মই যি ঔষধ খাওঁ মোৰ বিছনাৰ আগত থকা দীঘল বেঞ্চখনতে হয়। মায়ে চাগৈ মনে মনে ভাবিছিল মোৰ ওচৰত থ’লে মই গোটেইকেইটা একেলগে খাই মৰি যাম।
মায়ে মোক জীয়াই ৰাখিব বিচাৰিছিল। মোৰ কাৰণে ইমান কষ্ট কৰিবলগীয়া হোৱা সত্ত্বেও তেওঁ মোক হেৰুৱাব বিচৰা নাছিল।
‘মা অন্যন্যা’
মই মনে মনে এটা বুদ্ধি সাজিলোঁ। এটা এটাকৈ খাবলৈ দিয়া ‘শ্লিপিং’ টেবলেটকেইটা নাখাই গোটাই গোটাই দহটা যেতিয়া গোট খাব, একেলগে এদিন ৰাতি খাই দিম। মৰি থাকিম...।