পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(পাঁচ)

 স্কুলত প্ৰায়ে মই নিঃসংগ অনুভৱ কৰিছিলোঁ। স্কুলৰ আন ল'ৰা-ছোৱালীৰ লগত একাত্ম হ’ব পৰা নাছিলোঁ। একেবাৰে অন্তৰংগ বান্ধবী বুলি ক'বলৈও সপ্তম শ্ৰেণীলৈকে এজনীও বাছনিত পৰা নাছিল। এইটো নকওঁ যে তেওঁলোকক মোৰ ভাল নালাগিছিল। মনে মনে ভাবিছিলোঁ- শ্ৰেণীৰ সকলো ল'ৰা-ছোৱালী মিলা- প্ৰীতি, হাঁহি-ধেমালিৰে থাকে। মই কিয় সহযোগ কৰিব নোৱাৰোঁ?

 স্বভাৱতেই মই হাঁহিমুখীয়া নাছিলোঁ। মোৰ গোমোঠা মুখৰ অৱয়ব কাৰোৰে আকৰ্ষণীয় নাছিল। কাৰো লগতে খোলোচাকৈ কথা পাতিব নোৱৰাটো মোৰ কথাৰ দ্বাৰা প্ৰকাশিত হোৱা বাবে লগৰ ল'ৰা-ছোৱালীবোৰেও মোৰ লগত কথা পাতিবলৈ সংকোচ কৰিছিল।

 মাক যেতিয়া আমি আটাইকেইটাৰ জন্মৰ পিছত এক-দুইবছৰ বয়সত কেনেকুৱা আছিলোঁ, কি কৰিছিলোঁ সোধো, মায়ে এটা এটাকৈ আটাইকেইটাৰ স্বভাৱ কেনেকুৱা আছিল কৈ যায়। বা আছিল সকলোৰে অতি মৰমৰ ছোৱালী। তাই দেখিবলৈ ধুনীয়া। মালা আছিল সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ। তাই ধক্‌ধকীয়া বগা, মৰমলগা ধুনীয়া ছোৱালী। সিহঁত দুয়োজনীয়ে সৰুতে সকলোৰে লগত মিলি গৈছিল। আমি যেতিয়া বেৰেলীত থাকিছিলোঁ, সিহঁত দুয়োজনীক ওচৰৰ কোৱাৰ্টাৰৰ মানুহ দুঘৰে মৰমতে সিহঁতৰ ঘৰত নি দিনটো ৰাখিছিল।

 মোৰ স্বভাৱ সম্বন্ধে মায়ে কৈছিল— মই সৰুৰে পৰা অকলশৰীয়াকৈ থাকি ভাল পাইছিলোঁ। কাৰো ঘৰলৈ নগৈছিলোঁ। কাৰো কোলাত নুঠিছিলোঁ। কাৰো মৰম ল’ব নিবিচাৰিছিলোঁ। যেতিয়াৰ পৰা বহিব পৰা হ'লোঁ অকলে অকলে মাহঁতে কোৱাৰ্টাৰত পোহা কুকুৰাজনীৰ লগতে খেলি থাকিছিলোঁ। মা ক'ৰবালৈ গ'লে সিহঁত দুজনীক কাষৰ ঘৰত থৈ গৈছিল। মই কাৰো ঘৰলৈ নাযাওঁ, গতিকে বাৰাণ্ডাতে কুকুৰাজনীৰ লগতে খেলি থাকিছিলোঁ।

 দেউতাই কোৱা মতে কুকুৰাজনী মোৰ প্ৰহৰী আছিল।

 মোৰ 'বা' শ্ৰেণীটোৰ প্ৰাণকেন্দ্ৰ আছিল। তাই খুব ধুনীয়াকৈ ‘কৌতুক’ ক'ব জানিছিল। জিৰণি পিৰিয়ডত তাইৰ কৌতুক শুনি ছোৱালীবোৰে প্ৰাণ খুলি হাঁহিছিল৷

দুই-এজনীয়ে লগতে এনে মন্তব্যও দিছিল— ‘বায়েকে ইমান ধুনীয়াকৈ ‘কৌতুক’

৩১