তাক এৰি দি আমি আটাইকেইটা পিছলৈ নোচোৱাকৈ পথাৰৰ পৰা ঘৰলৈ দৌৰ মাৰিলোঁ। ঘৰ পাই মই বিছনাত বাগৰি চিঞৰি চিঞৰি কান্দিলোঁ। মোৰ কান্দোনত ঘৰখন নিজম পৰি গ'ল। সেই ৰাতি মই ভাত নোখোৱাকৈ শুই পৰিলোঁ।
পুৱা এঞ্জেলৰ কুঁ-কুঁৱণি মোৰ কাণত পৰাত সাৰ পাই একেজাপে বিছনাৰ পৰা নামিলোঁ।
সপোন নে দিঠক!
ক’ত এঞ্জেল?
দুৱাৰখন খুলি চালোঁ— দুৱাৰমুখত ৰৈ আছে এঞ্জেল। তাক দেখি মই আনন্দত আত্মহাৰা হলোঁ। সিও মোক দেখি এনেকুৱা আচৰণ কৰিলে যেন মই তাৰ লগত নিষ্ঠুৰতা কৰিছোঁ। তাৰ ভোক লগাত ভাত কেইটামান খাবলৈ দিলোঁ। ময়ো যে ৰাতি ভাত নোখোৱাৰ বাবে ভোকত পেট কমলাই আছিলোঁ পাহৰিলোৱেই।
মা শোৱাৰ পৰা উঠাৰ পিছত মই ক'লোঁ —মোৰ এঞ্জেলক এৰি দিয়াৰ কৰ্তব্য আছিল আৰু মই তোমালোকৰ কথা ৰাখি এৰি দিছিলোঁ। এতিয়া সি আকৌ ঘূৰি আহিল। মই তাক ৰাখিম।
মায়ে বুজি পাইছিল মই যে তাক এৰি দিব বিচৰা নাছিলোঁ। মায়েও দুখ পাইছিল মোৰ পৰা আঁতৰাই পঠোৱাৰ নিৰ্দেশ দিবলৈ।
মায়ে বুজাইছিল— আনক দুখ দি নিজে সুখ ল’ব নাপায়। যদি সঁচাকৈ কেতিয়াবা অঘটন হৈ যায়, কি কৰিবি?
পিছদিনা আকৌ লাগিল হুলস্থুল। এঞ্জেলৰ ভুকভুকনি শুনি মোক এইবাৰ তীক্ষ্ণ নিৰ্দেশ দিলে-- তাক যেন বস্তাত ভৰাই বেলেগ গাঁৱত এৰি থৈ অহা যায়।
মোৰ কুমলীয়া মনটোত তেওঁলোকৰ তিক্ত বাক্যকেইটাই তৰোৱালে আঘাত দিয়াদি দিলে।
মই বাধ্য! তেওঁলোক বয়সত মোতকৈ বহু ডাঙৰ। তেওঁলোকৰ নিৰ্দেশ অমান্য কৰিব নোৱাৰোঁ।
এইবাৰ তেওঁলোকৰ নিৰ্দেশনা অনুসৰি এঞ্জেলক মই আৰু ৰমেনে নি কাষৰ
গাঁওখনত এৰি থৈ আহিলোঁ। চিৰ বিদায় ‘এঞ্জেল’।