পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিবলৈ কাঠৰ টুকুৰা আনিবলৈ ওলােৱা নাছিল। টিংকু ডেকাই কি কৰে, কেনেকৈ ঔষধ দিয়ে পর্যবেক্ষণ কৰিবৰ কাৰণেহে ওলাল। মাহঁত তাত উপস্থিত হৈ অলপ সময় মানুহবােৰে কি কৰিছে চাই মা টিংকু ডেকা থকা কোঠাটোলৈ সোমাই গ'ল । কোঠাটোত গৈ দেখিলে “কোনেও চুব নােৱাৰিব টিংকু ডেকাক” বুলি বাহিৰত প্রচাৰ হৈ থকা ভগবান বিষ্ণুৰ উপাসকে কেইজনমান মানুহৰ লগত বিছনাত বহি খেলি আছে।

২৪