পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(ঊনত্ৰিশ)

 এতিয়া আমাৰ চোতালত দৈনিক আড্ডা বহে। চাৰি ঘৰ মানুহেৰে হাই-উৰুমি নথকা আমাৰ চুবুৰিটো। মানুহৰ সংখ্যাও তেনেই কম। মই হুইল চেয়াৰত বহিব পৰা হোৱাৰ পৰাই আমাৰ ঘৰখনৰ পৰিৱেশটোৱেই সলনি হৈ গৈছে। এতিয়া আবেলি সময়ত মালাহঁতে মোক নামঘৰৰ বাটত ফুৰাবলৈ নিয়ে। ফুৰি আহি, খুৰীহঁতে ঘৰুৱা কাম শেষ কৰি আহি আমাৰ চোতালত বহাৰ পিছত আড্ডা আৰম্ভ হয়।

 আডডাৰ বিষয় বহু থাকে। যদি কেতিয়াবা খেলৰ বিষয় থাকে, কেতিয়াবা কিতাপৰ বিষয় থাকে। কেতিয়াবা চিনেমাৰ বিষয় থাকে। কেতিয়াবা মানুহৰ জীৱনৰ বিষয়ে আলোচনা হয়। সমাজৰ বিষয়েও আলোচনা হয়। কোনোবাই যদি কাৰোবাক বেয়াকৈ ক’লে সেই সময়তে তাৰ বিষয়েও আলোচনা হয়। কোনোবাই স্কুলত যদি আমোদজনক কথা শুনি আহিছে, তাৰো ভাগ আমাক দিয়ে। মাহঁতে বেংকৰ পৰা টকা আনিবলৈ যাওঁতে কিমান দীঘলীয়া শাৰীত থিয় হ’বলগীয়া হয়, সেই সময়ত কোনে কিমান বেয়াকৈ ক’লে। কোনোজন হৃদয়ৱান মানুহে আলৰ বৃদ্ধজনক নিজৰ ঠাইখিনি এৰি দি আগতীয়াকৈ টকা লৈ যাবলৈ দিলে, তাৰো চুটি-দীঘল অধ্যায় আড্ডাত থাকে।

 তাৰ মাজে মাজে দুই-এটা কৌতুকো শুনা হয়। মাহঁতে সৰুতে বৰষুণ দিলে কেনেকৈ কচুপাত মূৰত লৈ স্কুললৈ গৈছিল। এটা পাঁচ পইচাকে সদায় স্কুলৰ জিৰণি পিৰিয়ডত খাবলৈ নি সদায় ওভতাই আনিছিল কাইলৈ খাম বুলি। আৰু কাইলৈ খাম, কাইলৈ খাম বুলি কওঁতে কওঁতে এমাহ-দুমাহ পাৰ হৈ গৈছিল। মাহঁতৰ পুৰণি স্মৃতিবোৰে আমাক আমোদ দিয়ে।

 জিনা খুৰী, সবিতা খুৰী আৰু মাহঁতৰ সেই পুৰণি স্মৃতিৰ কথাবোৰ মালা, তন্দ্ৰালী, বিকি, বাবা আৰু মই আমনি নলগাকৈ শুনি থাকোঁ। হাঁহি উঠা কথা ক’লে, আমাৰ হাঁহিৰ খলকনিত গোটেই চুবাটোৱেই ৰজনজনাই উঠে।

 এতিয়া প্ৰত্যেকটো উৎসৱেই মই চোতালত একেলগে উপভোগ কৰোঁ। যদি কেতিয়াবা অসুস্থ অনুভৱ কৰি বাহিৰলৈ ওলাই নগৈ বিছনাতে শুই থাকোঁ, চোতালৰ

পৰাই সকলোৱে মোক চিঞৰি থাকে। সিহঁতে প্ৰতিটো উৎসৱতে মোৰ উপস্থিতি

১৫৮