পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 যদি তেওঁৰ তেনে অৱস্থা হ'লহেঁতেন আৰু পত্নীয়ে বোজা বুলি ভাবি এৰি গুচি আহিলহেঁতেন, তেওঁ কি কৰিলেহেঁতেন তেতিয়া?

 এইবিলাক উত্তৰবিহীন প্ৰশ্ন।

 এইবাৰ আমি হাস্পতালত অসমৰ তেজপুৰৰ মোৰ সমবয়সীয়া ল’ৰা এটাক লগ পালোঁ। আমি এতিয়া সন্ধিয়া হ’লেই ময়ুৰ, মালা, বাবু, ৰাজু, দাদা, ৰোহিত দাদাৰ লগত তাৰ ফুলনিখনৰ মাজত থকা ফুলৰ ওচৰত আড্ডা মাৰোঁ। ৰোহিত দাদাই মাংসৰ পকৰি কিনি আনে, আমিকেইটাই খাওঁ৷ মায়ে সন্ধিয়াৰ চাহকাপ প্ৰস্তুত কৰি আনি আটাইকেইটাকে তাতে যোগান ধৰে।

 আমাৰ আড্ডাৰ হাঁহিৰ খিলখিলনিত নাৰ্ছসকলে মাজে মাজে আহি সাৱধানবাণী শুনাই যায়।

 সেই সময়তে মোৰ কাৰণে একেবাৰে বেয়া পোৱা কাম এটা লৈ হাজিৰ হয়হি নাৰ্ছ এগৰাকী। তাত উপস্থিত থকা প্ৰতিজন ৰোগীক গধূলি সময়ত সদায় তাপমাত্ৰা পৰীক্ষা কৰা থাৰ্মমিটাৰডালেৰে পৰীক্ষা কৰেহি।

 একেডাল থাৰ্ম’মিটাৰকে ঔষধ মিহলোৱা পানীত ডুবাই প্ৰতিজন ৰোগীৰ বাবে ব্যৱহাৰ কৰাৰ বাবে মই অত্যন্ত বেয়া পাওঁ। প্ৰতিবাদো কৰোঁ, মই জ্বৰ নোজোখো বুলি। মোৰ জ্বৰ নাই। মই সম্পূৰ্ণ সুস্থ ছোৱালী।

 নাই। নাৰ্ছসকলে নামানে। কৰিবই লাগিব। বাধ্য হৈ মই বেয়া পোৱা কামটো কৰি উঠি ‘থু থু’ কৰোঁ।

 কিন্তু মই একেবাৰে বেয়া পোৱা কামটো কেতিয়াবা নকৰিলেও হয়। যিকেইগৰাকী নাৰ্ছে অলপ হ’লেও মোক বুজি পাইছিল তেওঁলোকে মোক বাধ্য নকৰে। তেওঁলোকে মাত্ৰ হাঁহি এটা মাৰি গাত হাতখন দি চাই কৈ যায়— ‘নেহি কৰনা৷’

 সময় গৈ আছে। আমি অ.টি., আৰু পি.টি. কৰি আছোঁ। মোক এইবাৰ ‘কেলিপাৰ’ পিন্ধাই থিয় কৰাইছে। ময়ো ৰেলিঙত ধৰি দহমিনিটমান থিয় হৈ থাকোঁ।

 অপাৰ আনন্দই চুইছে আমাৰ মনবোৰ। ৰবাৰ্ট নামৰ যিজন ল’ৰাই মোক ব্যায়াম কৰাইছিল, তেওঁ সঠিককৈ কৰিব নোৱৰাৰ বাবে শ্বৰীফ ছাৰে কৰাই যায়হি।

 এদিন দুপৰীয়াৰ সময়ত ডাক্তৰ অনুপমাই আহি মোক হিন্দীতে ক’লে- ‘তোমাক এটা কথা কওঁ। তুমি অসমৰ পেচেন্ট ৰাজুক এটা কথা ক’ব লাগিব যে, তেওঁ জীৱনত কোনোদিনেই নিজৰ ভৰিৰে খোজ কাঢ়িব নোৱাৰে। কোনোদিনে ভৰি লৰচৰ কৰিব নোৱাৰে। প্ৰস্ৰাৱ-পায়খানা লাগিলে গম নাপায়। এই কথাখিনিকে

১৪৩