পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(চাব্বিশ)

 হাস্পতালত এডমিট হ’লো। এইবাৰ আগৰ বিছনাখন মোক দিয়া নাই। কোঠাটো অৱশ্যে আগৰ পাঁচজনীয়াটোৱেই। দীঘলীয়া শাৰীৰ দুই নম্বৰৰ বিছনাখন মোৰ।

 আগতে ছমাহ পাৰ কৰি যোৱা গতিকে এইবাৰ আমাৰ অসুবিধাৰ নামত একো হোৱা নাই।

 ডাক্তৰে পুনৰ পৰীক্ষা কৰি আকৌ অ’.টি. আৰু পি.টি.ৰ আধৰুৱা শাৰীৰিক ব্যায়াম আৰম্ভ কৰিলে। এইবাৰ শ্বৰীফ ছাৰে মোৰ কৰণীয়খিনি লোৱা নাই। আন এজন ৰবাৰ্ট নামৰ খ্ৰীষ্টিয়ান ল’ৰাই লৈছে। মহেন্দ্ৰ আন্না হাঁহিমুখে আছে।

 এইবাৰ অ’টি. আৰু পি.টি লৈ অনা-নিয়া কামখিনি মালাই কৰিছে। মালা মোৰ লগত প্ৰতিটো মুহূৰ্ততে লাগি থাকে। মাৰো এইবাৰ বিশেষ অসুবিধা হোৱা নাই।

 ষ্ট্ৰেচাৰখনতে মোক আকৌ উঠি যাবলৈ দিয়াত মই বেয়া পাইছিলোঁ। ষ্ট্ৰেচাৰখনত উঠি মোৰ ভাল লগা নাছিল। ঘৰত হুইল চেয়াৰখন ব্যৱহাৰ কৰি থকা গতিকে ইয়াত ষ্ট্ৰেচাৰখনত উঠি নিজকে অসুস্থ যেন লাগিছিল।

 মই বিছনাখনত নিজে বহিব পৰা হোৱাৰে পৰা নিজকে সুস্থ বুলি দাবী কৰোঁ যদিও মোৰ উশাহত গাঁঠি লগোৱা শৰীৰৰ আনুষংগিক পীড়াবোৰ অহৰহ লগতে থাকে। মই সিহঁতক মোৰ সুখী মনটোক চুবলৈ প্ৰশ্ৰয় নিদিওঁ। সিহঁতক এলাগী কৰি মই মোৰ জীৱন-যাত্ৰা এটা সেন্দুৰীয়া বাটেৰে আগুৱাই নি আছোঁ।

 গাঢ় সেউজীয়া পৰ্দাখন দাঙি মানুহ এগৰাকীয়ে হিন্দীতে সোধে ‘কাইলৈ কি বাৰ? কাইলৈ কি তাৰিখ?’

 মই দিন আৰু তাৰিখটো কৈ চকু মুদি শুব খোজোঁ।

 পুনৰ পৰ্দাখন দাঙি সোধে - ‘কাইলৈ কি বাৰ? কাইলৈ কি তাৰিখ? মোৰ নামটো কি?’

 মই পুনৰ কওঁ। এনেদৰে সজল চকুযুৰিয়ে চাই চাই মাজৰ পৰ্দাখন দাঙি দহবাৰমান সুধি থাকে।

 নামটো উমা । হায়দৰাবাদৰ। বয়স হ’ব পঞ্চল্লিশমান। চুটি-চাপৰ-শকত। চকুৰ গুৰি ক’লা পৰা। ডাঙৰ ডাঙৰ চকুৰমণিৰে ধুনীয়া হাঁহিৰে এগৰাকী শান্ত-ধীৰ মহিলা। এটা আঠ বছৰীয়া ল’ৰাৰ মাক।

১৪১