পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ছমাহৰ আগতে এৰি যোৱা মোৰ আপোনৰো আপোন ঘৰখন পালোহি। অধীৰ অপেক্ষাৰে ৰৈ থকা জ্যোতি বা, মালা আৰু খুৰা-খুৰীহঁতৰ আতোলতোল আদৰণিত মনটো ভৰি গ’ল।

 মোক বাবুৱে দাংকোলা কৰি আনি সন্মুখৰ বিছনাখনত শুৱাই দিছে। ধুনীয়াকৈ সজাই থৈছে কোঠাটো। বিছনাখনো পৰিপাটিকৈ পাৰি থৈছে। উলাহে নধৰা হৈ পৰিছে পৰিবেশটো। উখল-মাখল লাগিছে প্ৰত্যেকৰে মনবোৰ। মোক চুই চাইছে।

 বা আৰু মালাই তিনিদিনীয়া দূৰণিবটীয়া ৰাস্তা অতিক্ৰম কৰি অহা মোৰ শৰীৰটো পৰিষ্কাৰ কৰাত লাগিছে।

 বহিব দিছে। হাতখন চুই চাইছে। ভৰিখন পিটিকি চাইছে। ঘাবোৰ বিচাৰিছে। উৱলি খহি যোৱা নখবোৰ খহি পৰো পৰো হৈ আছেনে হাতেৰে চুই চুই চাইছে। সৰ্বশৰীৰত হাতেৰে আলফুলাই আলফুলাই মৰম কৰিছে।

 সিহঁত দুজনীয়ে মোক সৰগৰ পৰা কোনোবা পৰী অহা যেনহে পাইছে।আনন্দৰ চকুলো টুকি টুকি ইমানকৈ নিৰীক্ষণ কৰিছে যেন মই এটা ‘সপোন’ হৈ সিহঁতৰ আগত বহি আছো।

 ‘সপোন’ নে ‘দিঠক’ পৰ্যবেক্ষণ কৰিছে।

 অপৰিসীম সুখে গোটেই ঘৰখনকে আৱৰি ধৰিছে। হাঁহি-আনন্দৰ টুকুৰাবোৰ ঘৰটোৰ প্ৰতিটো কোণতে সিঁচৰতি হৈ পৰিছে। আকাশ চুইছেগৈ তৃষ্ণাতুৰ প্ৰাপ্তিয়ে। সোঁত বলিছে প্ৰশ্নৰ উপৰি প্ৰশ্নৰ। এইটো ক’চোন? সেইটো ক’চোন? এইটো কি? সেইটো কি?

 বহুদিনৰ অন্তত ঘৰৰ আটাইকেইটাই একেলগে ভাতসাঁজ খালো। মোক যে সিহঁত দুজনীয়ে কি কি খাবলৈ দিব! কি কি খালে মই সুখী হম! ডাক্তৰে কিবা নাখাবলৈ কৈ পঠাইছে নেকি?

 আবদাৰ ধৰিয়ে তত্ পোৱা নাই।

 এয়াই হৃদয়ৰ বান্ধোন নে?

 হয়, এয়াই হৃদয়ৰ পৰা হৃদয়লৈ বান্ধ খাই থকা শিকলিৰ বান্ধোন।

 এজনীয়ে দুখ পালে আনজনীৰো অন্তৰ দুখে কুটি কুটি খায়।

 ক’চোন, তাৰ হাস্পতালখনৰ তই থকা কোঠাটো কেনেকুৱা?

 তই তামিল ভাষা বুজি পাইছিলিনে?

 অ’ই তাত লগ পোৱা তোৰ লগৰবোৰৰ কথা ক’চোন। তোকতো যিয়ে লগ পাই সিয়ে ভাল পাব পাৰে। ক’চোন কোনে কোনে তোৰ লগত বন্ধুত্ব কৰিলে?

১৩৭