মই তাই পানীত ডুবি মৰিব বুলি আটাহ পাৰি চিঞৰিব ধৰিলোঁ। তাই মৰি থাকিলে মই কেনেকৈ থাকিম? তাই কষ্টত থকা বুলি ভাবি মই আন্ধাৰতে ডাঠ হাবিখনৰ মাজলৈ যাব বিচাৰিলোঁ।
কিন্তু তাত মোৰ কান্দোনত গোট খোৱা মানুহ এজনে কোবা শব্দ কেইটাতহে মই কিংকৰ্তব্যবিমূঢ় হ'লোঁ।
তোৰ মেকুৰীজনী মৰিল। এতিয়া তাইক তুলি আনি একো লাভ নাই।
মানুহজনৰ নিষ্ঠুৰ শব্দকেইটাই মোৰ কান্দোন আগতকৈ দহগুণ বঢ়ালে।
মই তাই মৰাটো মানি নলওঁ বুলি আকোৰগোঁজ হৈ তাতে খোপনি পুতি ৰৈ থাকিলোঁ।...
ক্ৰমে আন্ধাৰ ডাঠ হৈ ধৰালৈ নামি আহিছিল। ময়ো মোৰ মৰমৰ ক’লা-বগা, ফুটফুটীয়া মেকুৰীজনী ওপঙি থকা দৃশ্যটো নেদেখা হোৱাত ঘৰলৈ গুচি আহিলোঁ।
বিচ্ছেদৰ পিছতো মেকুৰীজনী আজিও মোৰ স্মৃতিত আছে।
স্বভাৱত মই স্বল্পভাষী আছিলোঁ।
মা আছিল মোৰ কাৰণে সৰ্বস্ব। মাৰ কথা পালন কৰাৰ বাহিৰে আন কাৰোবাৰ কথাও যে শুনিব লাগে সেই কথা মোৰ মন-মগজুৱে নকৈছিল।
জনা-নজনা হোৱাৰ পৰাই মোৰ মনত এনে ভাবে খোপনি পুতি লৈছিল যে, পৃথিৱীখনত মা-দেউতা, বাই-ভনী কেইজনীৰ বাহিৰে সকলোৱে বেয়া পায় মোক।
কিন্তু মাক যেতিয়া সুধিছিলোঁ, আন মানুহে ভবাৰ দৰে আপুনিও মোক বেয়া বুলি ভাবে নেকি?
কাৰণ তেওঁলোকে যিবিলাক কথাত মোক বেয়া বুলি আলোচনা কৰিছিল, সেইখিনি তেওঁলোকৰ দৃষ্টিতহে ভুল আছিল।
এদিনাখনৰ কথা। মই চতুৰ্থ শ্ৰেণীত পঢ়িছিলোঁ। কেইগৰাকীমান মহিলাই আমাৰ চোতালত বহি কথা পাতি আছিল। এগৰাকী মহিলাই মোক কিবা এটা বস্তু আনিবলৈ কৈছিল। মই অলপ পলমকৈ আনিম বুলি কৈছিলোঁ। তেওঁ মোক কথাটো
কোৱাৰ আগৰ পৰাই মই বেলেগ এটা কাম কৰি আছিলোঁ। কামটো অলপ বাকী আছিল গতিকে সেইকণ শেষ কৰি তেওঁক বস্তুটো আনি দিম বুলি ক'লোঁ।