পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(তেইশ)

 অনুৰোধৰ ওপৰত অনুৰোধ কৰি হতাশ হৈ পৰিছোঁ৷ হাস্পতালত ভৰ্তি হোৱাৰ দিনৰে পৰা সদায় ভাবি থাকোঁ-- আজি খাব দিয়া ঔষধে মোৰ দুভৰিৰ অহৰ্নিশে জ্বলি থকা দপদপীয়া জুইকুৰা নুমুৱাব!

 নাই, এদিন-দুদিন পাৰ হৈ হৈ তিনিমাহ সম্পূৰ্ণ হ’বৰ হ’লহি, একবিন্দুও কমা নাই। ডাক্তক সুধিলে কয়— হ’ব, হ’ব। সেইদিনা ডাক্তৰে হ’বৰ অন্ত পেলাই নহ’ব বুলি এটা মাৰাত্মক ৰায় শুনালে— তোমাৰ ভৰিৰ পোৰণিৰ অন্ত নহ’ব যেতিয়ালৈকে তোমাৰ উশাহ শৰীৰত থাকিব। তোমাৰ ভৰিৰ পোৰণিৰ কোনো ট্ৰিটমেন্ট নাই। ৰাজহাড়ডাল থেতেলা খাই যোৱা গতিকে মূৰৰ পৰা ভৰিলৈ তেজ চলাচল কৰিব নোৱাৰে। কঁকালৰ নিম্ন অংশৰ মাজতে তেজ চলাচল হৈ থাকে। সেয়ে ভৰিৰ সিৰাবোৰ পুৰি থাকে। আজিলৈকে এই পোৰণি প্ৰশমন কৰিব পৰা ঔষধ ওলোৱা নাই। উপায় নাই, শৰীৰত উশাহ থকালৈকে পোৰণিও উশাহৰ লগতে থাকিব।

 আদালতৰ ন্যায়াধীশে যাৱজ্জীৱন কাৰাবাস দিয়া ৰায়দানৰ দৰে ডাক্তৰজনেও মোক মোৰ জীৱনটোৱেও অসহিষ্ণু পীড়া যাৱজ্জীৱনৰ কাৰণে ল’ব লাগিব বুলি শিলৰ খুঁটি মাৰি এটা ভয়ংকৰ ৰায় শুনাই গ’ল। স্তম্ভিত হৈ পৰিলোঁ। আঠ বছৰে উশাহৰ লগত গাঁথি লোৱা পোৰণিৰ পৰা পৰিত্ৰাণ পোৱাৰ যি আশা বুকুত বান্ধি আহিছিলোঁ, খন্তেকতে ভস্ম হৈ গ’ল।

 ডাক্তৰৰ বাক্যশাৰীয়ে অন্তৰত আঘাতৰ মাত্ৰা দুগুণে বঢ়াই তুলিলে। গোট মাৰি বৰফলৈ ৰূপান্তৰ হ’ল চকুলো। মূক হৈ পৰিলোঁ মই। জীৱনজোৰা পোৰণিৰ কাৰাবাস। হায় মোৰ জীৱন। দলিৱাওঁ বুলিও দলিয়াই পেলাব নোৱাৰো। পাহৰি থাকিবলৈও যিয়ে পুৰি থাকিয়ে উমান দি থাকে। ‘স্থবিৰ’ যদিও আমি তোৰ শৰীৰৰ এটা এৰাব নোৱৰা অংশ হৈ আছোঁ।

 মাৰ মাতত প্ৰকৃতিস্থ হ’লোঁ। ডাক্তৰনীয়ে তোক মাতিছে। বেজি দিব। মোক

এইকেইদিন বহু কষ্টকৰ বেজি এটা দি আছে। ভৰিৰ হাড়ত। ভৰি দুখনৰ হাড়বিলাক

১২৪