পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিনা কাৰণত সহায় নকৰে। মই এইটো নকওঁ যে, একেবাৰে গোটেই পৃথিৱীখনত অমানুহেৰে ভৰি পৰিছে। আপুনিয়ে ক’লেচোন—আপােনাৰ লগৰ পাণদোকানীজনে আপুনি ইয়ালৈ আহিবলৈ ওলাওঁতে পাঁচশ টকা হাতত দি কৈছিল—ঋণ পৰিশােধ কৰিব নালাগে। সেয়া জানাে মহান অন্তৰৰ মানুহ নহয়? আৰু যে কৈছে— গাখীৰ বিক্ৰী কৰি ঘৰ চলােৱা মানুহজন। গাখীৰ বিক্ৰী কৰি পােৱা টকা কেইটামান বাটত কিবা কিনি খাবি বুলি কোৱা শব্দকেইটাত কিমান আন্তৰিকতা আছে, এইটো দুখৰ কথা হয়। আপােনাৰ তেজ-মঙহৰ, গাতে গা লগা, ঘৰৰ চাকৰিয়াল দাদাজনে টকা-পইচা দি সহায় কৰিব লাগে বুলি সৌ সিদিনালৈকে মাত-বােল দি থকাজনে আজি আপােনাৰ দুর্ঘটনাৰ এই সময়ত কেৰাহিকৈয়াে নােচোৱা হ’ল। তাতে আপুনি নিজকে এলাগী বুলি ভাবিছে কিয় ? আপােনাৰ লগতচোন আপােনাৰ ভায়েক আহিছে। আপােনাক যিমান পাৰে পৰিচৰ্যা কৰিছে আৰু আপুনিতো কেলিপাৰ পিন্ধি অলপ অলপ খােজ কাঢ়িব পৰা হৈছে। ভাল হ’ব দিয়ক আপুনি। দুখ নকৰিব।

 নিজৰ বুকুত জ্বলি থকা দপ্‌দপীয়া জুইকুৰাৰ তাপ আনৰ গাত লাগিব নিদিয়াকৈ মই তেওঁক সান্ত্বনা দিয়াৰ আশাৰে কথাখিনি কৈ গ’লোঁ। আপুনি একেবাৰে নাভাবিব যে, মানুহৰ মাজত মানুহ হিচাপে যিখিনি গুণ থাকিব লাগে, সকলােৰে নিঃশেষ হৈ গৈছে। কি কৰিব? মানুহৰ মন পৰিৱৰ্তন হ’বলৈ উশাহটো লােৱাৰ সময়কণৰো প্রয়ােজন নাই।

 কিছু মানুহৰ আন্তৰিকতা, মহানুভৱতা নিঃশেষ হৈছে যদিও বহুসংখ্যক মানুহৰ অন্তৰত আজিও মানৱতা জীয়াই আছে বাবেইতাে পৃথিৱীখন সুন্দৰ হৈ আছে। ‘মানুহ জীৱশ্রেষ্ঠ’ বুলি কোৱা বাক্যশাৰী জীয়াই আছে।

মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ-৮
১১৩