‘বসন্ত’ৰ চিকিৎসাত লাগিল এইবাৰ।
নিমপাত ছিঙি আনি কোঠাটোত থ’লে। ফোঁহাবোৰ খজুৱতি ধৰিলে নিমপাতৰ ঠাৰিৰে লাহে লাহে পাতবিলাক গাত বুলাই দিছিল।
কি কি কৰা নাছিল মােক প্রশান্তি দিবলৈ দাদাদুজন আৰু মায়ে ?
দেউতাই আমাক তাতে থৈ গুচি গ’ল।
ডাক্তৰে এখন কাগজ লিখি দিছিল। মােৰ চিকিৎসাৰ খৰচ কিমান হ’ব। সেইখন নি দেউতাৰ অফিচত জমা দিলে অফিচৰ পৰা মােৰ চিকিৎসাৰ খৰচ খিনি দিব।
দেউতাহঁতৰ সেনাবাহিনীৰ চাকৰিত নিয়ম আছিল–চাকৰি কৰাজনৰ পত্নী, ল’ৰা-ছােৱালী, মাক-দেউতাকৰ অসুখ হ’লে চিকিৎসাৰ খৰচখিনি চৰকাৰে বহন কৰে। মােৰ কাৰণেও চিকিৎসাৰ টকা আনিবলৈ দেউতা গ’ল দিল্লীলৈ।
মােৰ চিকিৎসাৰ খৰচ আছিল অত্যধিক।
এটা সৰু কোঠা। এখন বিছনা। দাদা দুজনে পকাত শােৱে। পকাতে বহি খায়।
মােক লজৰ কোঠাত থাকোঁতেই পল্লৱদাই বহু যত্ন কৰি, আনে বহুৱাই দিলে অলপ সময় বহি থাকিব পৰা কৰিলে।
মাৰ মনত সীমাহীন আনন্দ উজলিছিল। পৰিতৃপ্তিৰ এটা হাঁহি ফুটি উঠিছিল ওঁঠত।
মায়ে দাদা দুজনক ক’লে—এটা ‘কেমেৰা’ কিনি আনি মােক এখন ফটো তুলি বা, মালা, বাবুক দেখুৱাবলৈ পঠিয়াই দিব লাগে।