পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এটা সময়ত ডাক্তৰে মাতিলে। মােক লৈ গ’ল। ডাক্তৰে চাই পিছদিনা এম আৰ আই আৰু লগতে বিভিন্ন টেষ্ট কৰিবলৈ দিলে।

 ৰূমলৈ অহাৰ পিছত মােক ঠিক ঠাক কৰি সদায় গধূলি দুয়ােজন দাদা ফুৰিবলৈ ওলাই যায়।

 তেওঁলােকে তাত থকা আটাইকেইদিন মােলৈ খােৱা বস্তু আনিছিল। তেওঁলােকক মা-দেউতাই ক’তাে খৰচ কৰিব দিয়া নাছিল। সকলােখিনি মা-দেউতাই কৰিছিল কিন্তু তেওঁলােকে সদায় তেওঁলােকৰ টকাৰে মােলৈ গধূলি খােৱা বস্তু আনিছিল। তেওঁলােকৰ আন্তৰিকতা আৰু সহৃদয়তা দেখি মােৰ ভাল লাগিছিল। প্রত্যেক দিনাই যাবৰ সময়ত মােক সুধিছিল,

 কি খাবা ?

 মই প্রত্যেক দিনাই উত্তৰ দিছিলোঁ নাখাওঁ আৰু প্রত্যেক দিনাই আনি দিছিল, বিভিন্ন খােৱা বস্তু। পল্লৱদাৰ আগতেই চি.এম.চিৰ ডাক্তৰ এজনৰ লগত চিনাকি গতিকে আমাৰ তাত একো অসুবিধা হােৱা নাছিল। মা আৰু দাদাই সকলাে কৰিছিল। উৎপল দাদা প্রথমবাৰৰ কাৰণে গৈছিল, গতিকে তেওঁ মাত্র মােৰ লগতে প্রতি সময়ত থাকিব লাগিছিল হাস্পতালৰ কামখিনি কৰোঁতে।

 এম আৰ আই কৰিলে, অন্যান্য পৰীক্ষাও কৰিলে মােৰ শৰীৰৰ। গুচি আহিলোঁ আকৌ ৰূমলৈ।

 এনেদৰে বমি, প্রস্রাৱ কৰি কৰি তিনিদিনে অহা যােৱা কৰাৰ পিছত চাৰি নম্বৰৰ দিনা ডাক্তৰে ৰিপৰ্ট চাই ক’লে যে, এম আৰ আই-ত ধৰা পৰিছে যে মােৰ কঁকালৰ ৰাজহাড়ডাল ক’ৰবাত কষ্টপাই স্নায়ু থেঁতেলা খাই গৈছে। কষ্ট পােৱাৰ পিছত লাহে লাহে থেঁতেলা খােৱা ঠাইখিনি শুকাই গৈ গৈ, শেষত সম্পূর্ণ শুকাই যােৱাত একেবাৰে খােজ কাঢ়িব নােৱৰা হ’লোঁ। ডাক্তৰে আৰু ক’লে, মােক যদি অসুখৰ এক দুই বছৰৰ ভিতৰত চি.এম.চিলৈ আনিলে হেঁতেন, মােক অস্ত্রোপচাৰ কৰি ভাল কৰিব পাৰিলে হয়। এতিয়া বহু দেৰি হ’ল।

 মাহঁতে ডাক্তৰক সুধিলে, বিকল্প ব্যৱস্থা আছেনে কিবা ?

 ‘চেষ্টা কৰিব লাগিব।’

 ডাক্তৰৰ কথাকেইটাই মােক আকৌ শৈশৱৰ চাইকেলখনলৈ টানি নিলে।

১০৩