পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(ঊনৈশ)

 নির্ধাৰিত সময়সূচীতকৈ পলম কৰি ৰে’লগাড়ীখনে তিনি দিন দুৰাতিৰ এক দীঘলীয়া যাত্রাৰ অন্ত পেলাই গন্তব্যস্থান ভেলোৰৰ কাটপতি ষ্টেচন পোৱালেহি। ৰে’লগাড়ীখন সেই ষ্টেচনটোত মাত্র তিনি মিনিট সময় ৰখায়। আকৌ গুচি যাব। সেই তিনি মিনিটত মােকো নমাব লাগিব আৰু বস্তু-বাহানিও।

 সম্পূর্ণ মৌনতাৰে বুলি ক’লেও ভুল হ’ব। মই মন ভৰা কেইটামান অপূর্ব মুহূৰ্তৰ লগত একাত্ম হৈ পাৰ কৰিলোঁ।

 তিনিদিনে একেৰাহে প্ৰস্ৰাৱ কৰি অহা কম্বলখন, বিছনা চাদৰখন টোপােলা এটা কৰি বেয়া ঠাই এটুকুৰাত পেলাবৰ কাৰণে আছুতীয়াকৈ ল’লে।

 ৰেলগাড়ীখন থমকিল। মােক পল্লৱদাই দাংকোলা কৰি নি মায়ে দৌৰি গৈ প্লেটফৰ্মৰ পকাত পাৰি দিয়া বিছনা চাদৰখনৰ ওপৰত শুৱাই দিলে।

 ৰেলগাড়ী গ’ল। এইবাৰ এখন যুদ্ধৰ আৰম্ভণি হ’ল। ক’লা কোট পিন্ধি ৰে’লবিভাগৰ কৰ্মীজনে আহি টিকট বিচাৰিলে।

 আমি যিটো ভয় ভাবলৈ ষ্টেচনত নামিছিলোঁ তাকে হ’ল।

 আমাৰ টিকট অনুযায়ী এজন মানুহৰ বয়সৰ মিল নাই। মােৰ ভাইটি বাবু আমাৰ লগত যােৱাৰ কথা আছিল। কিন্তু তাৰ বিপৰীতে উৎপলদাক নিবলগীয়া হ’ল। বাবুৰ ঊনৈছ বছৰৰ ঠাইত যেতিয়া ত্রিছ বছৰীয়া গৈছে, তাৰ ৰে’ল বিভাগৰ কর্মীজনে আমাক যাবলৈ নিদিয়া হ’ল। বহু কিবাকিবি কৈ জৰিমনা ভৰাৰ পিছত আমাক যাবলৈ দিলে।

 এখন টেক্সি ভাড়াত আনি মােক উঠাই লৈ আটাইকেইজন এখন হােটেলত উপস্থিত হ’লোঁ।

 হােটেলৰ দুটা কোঠা ভাড়াত লােৱা হ’ল।

 পল্লৱদাই মােক দাঙি নি বিছনাত শুৱাই দি লগে লগে মােৰ ভৰিৰ বেণ্ডেজ খুলি, তিনিদিনে গেলেপা খাই থকা ‘ঘা’ কেইটুকুৰাত ড্রেছিং কৰি ঘাত দিয়া পাউডাৰ লগাই দিয়ে। তেওঁ ড্রেছিং কৰা কামটো জানিছিল। আমি হােটেলত থকা

১০১