পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬৭ ]
 

 মা, কলি —মই সেই দৰত হাজাৰ গছ আনি দিব পাৰোঁ।

 মা, নিৰণ—মই তোক ঘৰলৈ কিয় পঠিয়াইছিলোঁ?

 মা, কলি— কৰ ঘৰলৈ! জৰীলৈ হে। মই তাকে লৈ আহিছোঁ।

 মা, নিৰণ—সেই গছকে মই তোৰ টেতুত লগাম?

[প্ৰহাৰ।

 কোটোৱাল—ডাঙ্গৰীয়া! অলপ সহিব লাগে।

 মা, কলি নহয়, মই হে সহিব লাগে; মোৰ ফালে বিধিৰ বিপাক।

 কোটোৱাল—হেৰ, তই ভালে ভালে মুখবন্ধ কৰ!

 মা, কলি— নহয়, তেওঁৰ হাতকে বন্ধ কৰিবলৈ কোৱাচোন।

 মা, নিৰণ—কুকুৰৰ পো কটা, গাত গম নাইকিয়া।

 মা, কলি— গাত গম নোহোৱা হেতেন ভালেই আছিল, আপোনাৰ কিল কেটাৰ তেও গম নাপালোহেতেন।

 মা, নিৰণ— গাধৰ দৰে তই মাথোন কিলৰ হে গম পা।

 মা, কলি—হয়, মই গাধই হে হয়। মোহাৰি মোহাৰি মোৰ কাণ দুখন গাধৰ দৰে দীঘল কৰি থৈছেই নহয়।